নতুন বৰ্ষ ২০২৬ত ফাকুৱা উৎসৱ হৈ পৰিব বিশেষ, সুদীৰ্ঘ ১০০ বছৰৰ পিছত দেখা যাব এনে ঘটনা…

ফাকুৱাৰ আনন্দই স্পৰ্শ কৰে প্ৰতিজন লোককে। এক কথাত ফাকুৱাৰ ৰঙৰ দৰেই সকলোৰে মন-প্ৰাণ হৈ পৰে ৰঙীন। পিছে আগন্তুক নতুন বৰ্ষ ২০২৬ত ৰঙৰ উৎসৱ এই ফাকুৱা হৈ পৰিব বিশেষ। সুদীৰ্ঘ ১০০ বছৰৰ পিছত ফাকুৱাত দেখা যাব এক বিশেষ ঘটনা। জানো আহক এইবিষয়ে।

নতুন বৰ্ষ ২০২৬ত ফাকুৱা উৎসৱ হৈ পৰিব বিশেষ, সুদীৰ্ঘ ১০০ বছৰৰ পিছত দেখা যাব এনে ঘটনা...

হোলী হৈ পৰিব বিশেষ

Updated On: 

21 Dec 2025 22:00 PM

ৰঙৰ উৎসৱ ফাকুৱা বুলিলেই দেখা যায় এক বিশেষ উৎসাহ-উদ্দীপনা। ফাকুৱাৰ আনন্দই স্পৰ্শ কৰে প্ৰতিজন লোককে। এক কথাত ফাকুৱাৰ ৰঙৰ দৰেই সকলোৰে মন-প্ৰাণ হৈ পৰে ৰঙীন। পিছে আগন্তুক নতুন বৰ্ষ ২০২৬ত ৰঙৰ উৎসৱ এই ফাকুৱা হৈ পৰিব বিশেষ। কিয়নো এই নতুন বৰ্ষত ফাকুৱাত পৰিছে চন্দ্ৰগ্ৰহণ। অৰ্থাৎ ২০২৬ চনত চন্দ্ৰগ্ৰহণৰ ছাঁত উদযাপন কৰা হ’ব ফাকুৱা উৎসৱ। লক্ষণীয়ভাৱে সুদীৰ্ঘ ১০০ বছৰৰ পাছত ফাকুৱাত হ’ব চন্দ্ৰগ্ৰহণ।

আগন্তুক ২০২৬ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ৩ মাৰ্চত হ’ব। এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হ’ব ফাকুৱা। জ্যোতিষ শাস্ত্ৰত গ্ৰহণৰ সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়। ফাকুৱাত চন্দ্ৰগ্ৰহণ অতি বিৰল কাকতলীয়া ঘটনা হিচাপে পৰিগণিত হ’ব।

আংশিক চন্দ্ৰগ্ৰহণ

২০২৬ চনত পূৰ্ণিমাৰ ৩ মাৰ্চ হ’ব আংশিক চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণৰ সময়সীমা হ’ব বিয়লি ৩:২০ বজাৰ পৰা সন্ধিয়া ৬:৪৭ বজালৈ। এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হ’ব, গতিকে ইয়াৰ সুতক কাল ভাৰততো পালন কৰা হ’ব। গ্ৰহণৰ ঠিক ৯ ঘণ্টা পূৰ্বেই সুতক কাল আৰম্ভ হয়।

সুতকৰ নিয়ম হ’ব প্ৰযোজ্য

এই চন্দ্ৰগ্ৰহণৰ বাবে সুতক সময় ৩ মাৰ্চৰ পৰা পুৱা ৬:২০ বজাৰ পৰা আৰম্ভ হ’ব। শাস্ত্ৰত গ্ৰহণৰ সময়সীমাৰ বাবে মানি চলিবলগা বহু নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে। চন্দ্ৰগ্ৰহণৰ পূৰ্বে সুতক কালত মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে। এই সময়ত কোনো শুভ ৰীতি-নীতি কৰা নহয়।

জ্যোতিৰ্বিজ্ঞানৰ মতে চন্দ্ৰগ্ৰহণক স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা বুলি গণ্য কৰা হয়। পৃথিৱী, সূৰ্য আৰু চন্দ্ৰ একে ৰেখাত থাকিলে আৰু পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে চন্দ্ৰগ্ৰহণ হয়। বৈজ্ঞানিকভাৱে এয়া সম্পূৰ্ণ নিৰাপদ, স্বাভাৱিক পৰিঘটনা। উল্লেখ্য যে ২০২৬ চনত মুঠ চাৰিটা গ্ৰহণ হ’ব, ইয়াৰে দুটা সূৰ্য আৰু দুটা চন্দ্ৰগ্ৰহণ হ’ব।

দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...