23 Nov 2025
TV9 ASSAM
কুকুৰাৰ কণী হৈছে আটাইতকৈ পুষ্টিকাৰক যি অতিকৈ সহজলভ্য। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, প্ৰটিন, জিংক, কেলচিয়াম আদি থাকে।
এনেবোৰ উপাদানৰ বাবে কণীয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰি ৰখাত সহায় কৰে। বহুতো গৱেষণাত পোৱা গৈছে যে নিয়মিত কণী খালে হৃদৰোগ অথবা ষ্ট্ৰোকৰ আশংকা হ্ৰাস হ'ব পাৰে।
ভিটামিন A, D, E, B12 আৰু Folate থাকে, যি চকু, হাড় আৰু ৰক্তৰ বাবে উপকাৰী। কণীয়ে দেহৰ প্ৰয়োজনীয় প্ৰোটিন পূৰণ কৰে।
কণীত থকা পুষ্টিকৰ উপাদানে আমাৰ মস্তিষ্কৰ বিকাশত সহায় কৰে আৰু মগজুৰ স্মৃতি শক্তি বৃদ্ধি কৰে। দৈনিক সঠিক পৰিমাণত কণী খালে আলজেইমাৰ, ডিমেনচিয়া অথবা মস্তিষ্কৰ টিউমাৰৰ দৰে বেমাৰ হোৱাৰ আশংকা হ্ৰাস কৰে।
ব্ৰেইন উন্নয়ন আৰু মনসংযোগ বৃদ্ধি কৰে। দীঘলীয়াকৈ শক্তি যোগায়, কাৰণ কণীৰ কেল’ৰিৰ মান সঠিক। ইয়াৰোপৰি Immune System মজবুত কৰে।
কণীৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰক ক্ষতিকাৰক জীৱাণুজনিত সংক্ৰমণ আৰু অন্যান্য ঋতুগত বেমাৰ যেনে চৰ্দি অথবা জ্বৰৰ পৰা ৰক্ষা কৰে।
কণীত ফলিক এচিড আৰু প্ৰচুৰ পৰিমাণে লো থকাৰ বাবে ই গৰ্ভৱতী মহিলা সকলৰ কাৰণে অতি উপকাৰী।
পঢ়িবলৈ ক্লিক কৰক