শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: এই ৰাশিৰ লোকসকল হ’ব লাগিব সাৱধান! চাওক কি আছে আজিৰ দিনটোৰ ৰাশিফলত…

Daily Horoscope: ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে...

Daily Horoscope:  এই ৰাশিৰ লোকসকল হ’ব লাগিব সাৱধান!  চাওক কি আছে আজিৰ দিনটোৰ ৰাশিফলত…
ৰাশিফল
trishna-kalita
Trishna Kalita | Published: 08 Mar 2025 06:00 AM

Daily Horoscope:  আজি ৮ মাৰ্চ, শনিবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: মেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো মিশ্ৰিত হ’ব। বৈবহিক জীৱনত চলি থকা সমস্যাই আপোনাৰ চিন্তা বৃদ্ধি কৰিব। ব্যৱসায়ত কাৰোবাৰ লগত কোনো ধৰণৰ অংশীদাৰিত্ব কৰাৰ পৰা আঁতৰি থাকিব লাগিব। কামৰ বাবে কৰা যাত্ৰাত  আপোনাৰ প্ৰিয় কিবা হেৰুওৱাৰ বা চুৰি হোৱাৰ ভয় মনত থাকিব। চুবুৰীয়াৰ সৈতে যিকোনো কাজিয়াৰ পৰা আঁতৰি থাকিব লাগিব। আপুনি যি কাম হাতত লয়, তাতেই সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

বৃষ ৰাশি: বৃষ ৰাশিৰ লোকসকলে আজিৰ দিনটোত পাৰিবাৰিক জীৱনত চলি থকা সমস্যাৰ পৰা সকাহ লাভ কৰিব। মাতৃৰ ধন সম্পৰ্কীয় সমস্যা সমাধান হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ জীৱন সংগীয়ে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে।  ঘৰ, মাটি আদি ক্ৰয় কৰিব পাৰে। যাৰ বাবে আপুনি শহুৰৰ ঘৰৰ পৰা কাৰোবাৰ পৰা ধন ধাৰে ল’ব লাগিব পাৰে।  পৰিয়ালৰ সদস্যৰ মাজত কোনো কথাক লৈ বিবাদ হ’ব পাৰে।

মিথুন ৰাশি: মিথুন ৰাশিৰ লোকে আজি শাসন আৰু ক্ষমতাৰ সম্পূৰ্ণ লাভ আদায় কৰিব পাৰিব। যদি কোনো চৰকাৰী কাম বাকী আছিল, তেন্তে সেয়াও সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণলৈ যাব পাৰে। সন্তানৰ সংগলৈ বিশেষ গুৰুত্ব দিব লাগিব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ হব পাৰে। যান-বাহন সযতনে ব্যৱহাৰ কৰিব লাগিব।ধনৰ লগত জড়িত বিষয়ত আপুনি একেবাৰেই সাৱধান হ’ব লাগিব।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ লোকৰ বাবে  আজি মিশ্ৰিত দিন হ’ব। কৰ্মসংস্থাপন বিচৰাসকলে ভাল চাকৰিৰ সন্ধান পাব পাৰে। নতুন কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হ’ব পাৰে। সামাজিক খণ্ডত কাম কৰা লোকৰ সন্মান বৃদ্ধি পোৱাৰ বাবে আনন্দিত হ’ব। কাৰোবাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে।

সিংহ ৰাশি: সিংহ ৰাশিৰ লোকৰ বাবে আজি সম্পত্তি লাভৰ দিন। কৰ্মক্ষেত্ৰত কামৰ পৰিকল্পনা কৰিব লাগিব। যিকোনো আইনী বিষয়ৰ সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে।  আপুনি আপোনাৰ বছক কামৰ সম্পৰ্কে দিয়া কোনো টিপছ গুৰুত্বসহকাৰে ল’ব। কোনোবা শুভ উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

কন্যা ৰাশি: কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি মধ্যমীয়া হ’ব। আপোনাৰ কৰ্মক্ষেত্ৰৰ কামৰ বাবে আপুনি বঁটা পাব পাৰে। চিন্তা নাইকিয়া হ’ব পাৰে। কামৰ ক্ষেত্ৰত একেবাৰেই অসাৱধানতা নেদেখুৱাব। ছাত্ৰ-ছাত্ৰীসকলে নতুন পাঠ্যক্ৰম গ্ৰহণ কৰাৰ ইচ্ছা গঢ়ি উঠিব পাৰে। ঘৰৰ সজ্জা আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব।

তুলা ৰাশি: আজি তুলা ৰাশিৰ লোকৰ বাবে সফলতাৰ দিন । অবিবাহিত লোকে নিজৰ প্ৰেমক লগ পাব পাৰে। আপোনাক কথাই কাৰোবাক মন বিচলিত কৰিব। ৰাজনীতিত আপুনি চিন্তাশীলভাৱে আগবাঢ়িব লাগিব। কামৰ সন্দৰ্ভত আপোনাৰ পিতৃয়ে আপোনাক পৰামৰ্শ দিব। যি আপোনাৰ বাবে অতি উপযোগী হ’ব। অতীতৰ কিছুমান ভুলৰ পৰা শিক্ষা ল’ব লাগিব। শ্ব’ অফ কৰি বিপদত নপৰিব।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোকসকলে কামত কিছু অসুবিধাৰ সন্মুখীন হ’ব লাগিব। কামৰ চাপ বেছি হ’ব। বন্ধুৰ ঘৰত পাৰ্টিলৈ যাব পাৰি। পাৰিবাৰিক সমস্যাক আওকাণ নকৰিব। কাৰোবাৰ পৰা ধন ধাৰে ল’লে সেই ধন পৰিশোধ কৰাত সমস্যাৰ সন্মুখীন হ’ব লাগিব। যোগ আৰু ধ্যান-ধাৰণাৰে কাম কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সন্মুখীন হোৱা সমস্যাৰ পৰা সকাহ পাব।

ধনু ৰাশি: ধনু ৰাশিৰ লোকসকলে আজি নিজৰ কামৰ প্ৰতি কিছু মনোযোগ দিয়াৰ প্ৰয়োজন। হঠাতে কোনো কামৰ বাবে ভ্ৰমণলৈ যাব পাৰে। ব্যৱসায়ৰ উত্থান-পতনৰ বাবে আপোনাৰ সমস্যা বাঢ়িব। পত্নীৰ পৰা যথেষ্ট সমৰ্থন আৰু সংগ পাব।  সন্তানৰ ইচ্ছা পূৰণ কৰিব পাৰিব। অনলাইনত কাম কৰা মানুহে হয়তো ডাঙৰ অৰ্ডাৰ পাব।

মকৰ ৰাশি: আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত দিন হ’ব। আৰ্থিক অৱস্থা আগতকৈ ভাল হ’ব। সহকৰ্মীসকলৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ সুযোগ পাব। যিকোনো পুৰণি লেনদেন আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ যাব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ভাল সুযোগ পাব। পত্নীৰ পৰা বিশেষ উপহাৰ পাব পাৰে।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো স্বাভাৱিক হ’ব। কামৰ ক্ষেত্ৰত  অসাৱধান নহ’ব। অধিক দেখাব গৈ বিপদত পৰিবপাৰে। পাৰিবাৰিক জীৱনত চলি থকা সমস্যাই আজি পুনৰ মূৰ তুলিব উঠিব। কামৰ ক্ষেত্ৰত অধিক মানসিক চাপত থাকিব। আপোনাৰ পিতৃ-মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব। দ্ৰুত গতিত চলা বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব লাগিব।

মীন ৰাশি:মীন ৰাশিৰ লোকসকলে কামৰ মাজতে জিৰণি লোৱা প্ৰয়োজন আছে।  গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ হ’ব। কোনোবাই কোৱা কথাৰ বাবে আপুনি কাজিয়াত লিপ্ত হ’ব পাৰে। মাতৃয়ে আপোনাক কিছু দায়িত্ব দিব, যিটো আপুনি নিশ্চিতভাৱে পালন কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত একেবাৰেই অসাৱধান হ’ব নালাগিব। পুৰণি বন্ধুক লগ পাব পাৰে।