হাওঁফাওঁ সংক্ৰমণ লক্ষণসমূহ কি কি,জানক...

6 Nov 2025

TV9 ASSAM

হাওঁফাওঁৰ সংক্ৰমণ সাধাৰণতে বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাছৰ ফলত হ'ব পাৰে। ইয়াৰোপৰি ঠাণ্ডা, জ্বৰ বা নিউমোনিয়া,ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ধূমপান, প্ৰদূষণ আদি বিভিন্ন কাৰণত এই সমস্যা হ'ব পাৰে।

হাওঁফাওঁৰ সংক্ৰমণ

হাওঁফাওঁৰ সংক্ৰমণ হ'লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পাতালৰ চিকিৎসক ডাঃ ৰোহিত কুমাৰে। তেওঁ কয় যে, এই লক্ষণসমূহ আওকান কৰিব নালাগে।

লক্ষণ

চিকিৎসকগৰাকীয়ে কয় যে, হাওঁফাওঁৰ সংক্ৰমণ হ'লে অনবৰত কাহ হৈ থাকে। কাহৰ লগত শ্লেমা ওলাব পাৰে। যদি বহুদিন ধৰি কাহ নকমে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

কাহ

হাওঁফাওঁৰ সংক্ৰমণ হ'লে উশাহ-নিশাহ লোৱাতো অসুবিধা হয়। ইয়াৰোপৰি বুকুখন হেঁচি ধৰাৰ দৰে অনুভৱ হব পাৰে। যদি দীৰ্ঘদিন এই সমস্যা হৈ থাকে তেন্তে সহজভাৱে লোৱা ঠিক নহয়।

উশাহত সমস্যা

হাওঁফাওঁৰ সংক্ৰমণৰ ফলত জ্বৰ হ'ব পাৰে। জ্বৰৰ লগতে ঠাণ্ডা লগা, ঘাম ওলোৱা, কঁপি উঠা আদি অনুভৱ হব পাৰে। গতিকে জ্বৰ বেছিদিন থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

জ্বৰ

হাওঁফাওঁৰ সংক্ৰমণৰ ফলত বুকুত বিষ অনুভৱ হ'ব পাৰে। কাহৰ সময়ত বা উশাহ-নিশাহ লোৱাৰ সময়ত এই বিষ অনুভৱ হ'ব পাৰে। কেতিয়াবা এই বিষ সাধাৰণ, কেতিয়াবা তীব্ৰ হয়।

বুকুত বিষ

হাওঁফাওঁৰ সংক্ৰমণ হ'লে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন লাভ নকৰে। যাৰ ফলত অলপ কাম কৰিলেই ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। দীৰ্ঘদিন কোনো লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

ভাগৰুৱা

পঢ়িবলৈ ক্লিক কৰক

যকৃত সুস্থ ৰখাৰ উপায়