যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য...

6 Nov 2025

TV9 ASSAM

আজিকালি বহু মানুহৰ যকৃতৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। কিন্তু যকৃতৰ যত্ন লোৱা দৰকাৰ। কিছুমান খাদ্যই আপোনাৰ যকৃত সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

যকৃত

সুস্থ যকৃতৰ বাবে কিছুমান বিশেষ বস্তু খাব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে ফ্লৰিডাৰ গেষ্ট্ৰো বিশেষজ্ঞ ডাঃ জোছেফ ছলহাবে। এই সন্দৰ্ভত তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ' পোষ্ট কৰিছে।

উপায়

যদি আপুনি মিঠা খাই ভাল পাই তেন্তে খেজুৰ আৰু আখৰোট খাব পাৰে। খেজুৰত এন্টিঅক্সিডেন্ট থাকে আৰু আখৰোটত ওমেগা ৩ থাকে। যি যকৃতৰ বাবে ভাল আৰু অক্সিডেটিভ চাপ কম কৰাত সহায় কৰে।

খেজুৰ আৰু আখৰোট

ডাৰ্ক চকলেট শৰীৰৰ বাবে ভাল। ইয়াক ফ্লোবোনাইডছ থাকে। যি লিভাৰৰ বাবে ভাল। গতিকে পৰ্যাপ্ত পৰিমাণে ডাৰ্ক চকলেট খাব পাৰে। ই অন্য বহু ৰোগৰ বাবে ফলপ্ৰসূ বুলিব পাৰি।

ডাৰ্ক চকলেট

মিক্স নাটছ খাব পাৰে। কাজু, বাদাম, আখৰোট আদিত ভিটামিন ই থাকে। যি যকৃতৰ কোষবোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। ড্ৰাই ফ্ৰুট বিভিন্ন ৰোগৰ বাবে ফলপ্ৰসূ।

মিক্স নাটছ

মাছত ওমেগা-৩ ফেটি এচিড থাকে। যি প্ৰদাহ কম কৰে আৰু যকৃত সুস্থ ৰখাত সহায় কৰে। গতিকে খাদ্যত ছালমন, টুনা আদি মাছ অন্তৰ্ভুক্ত কৰিব পাৰে।

মাছ

ইয়াৰোপৰি গ্ৰীণ টি, সীমিত পৰিমাণৰ কফি,দাইল,ফল, সেউজীয়া শাক-পাচলি আদি লিভাৰৰ স্বাস্থ্যৰ বাবে ভাল। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

অন্য কি কি

পঢ়িবলৈ ক্লিক কৰক

মূলা কাৰ বাবে বেয়া