মই আদেশ দিছো, দিগন্ত ভাৰতীক অপমান কৰাসকলে ক্ষমা খুজিব লাগিবঃ জুবিন গাৰ্গ | zubeen garg reaction on chandmari pub guwahati bihu insult diganta bharti know in details Assam news - Assam Tv9

মই আদেশ দিছো, দিগন্ত ভাৰতীক অপমান কৰাসকলে ক্ষমা খুজিব লাগিবঃ জুবিন গাৰ্গ

Updated On: 

18 Apr 2025 09:37 AM

বৰ্তমান চৰ্চাত আছে এটা খবৰ। চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই অপমান কৰে শিল্পী দিগন্ত ভাৰতীক। এই ঘটনা সন্দৰ্ভত মত ব্যক্ত কৰি জুবিন গাৰ্গে বিহু সমিতিক ক্ষমা খুজিবলৈ আদেশ দিয়ে।

1 / 5চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই শিল্পী দিগন্ত ভাৰতীক অপমান কৰা সন্দৰ্ভত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। নলবাৰীৰ বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্তব্য প্ৰদান কৰে জুবিনে।

চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই শিল্পী দিগন্ত ভাৰতীক অপমান কৰা সন্দৰ্ভত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। নলবাৰীৰ বিহু অনুষ্ঠানত অংশ গ্ৰহণ কৰি মন্তব্য প্ৰদান কৰে জুবিনে।

2 / 5

জুবিনে কয়, "মই বেছি একো নকও। ক'লে গালি দিয়া যাব। শিল্পীৰ সৈতে এনে হ'ব নালাগে। তেওঁক মঞ্চলৈ মাতি নি চানমাৰি পূৱ গুৱাহাটী বিহু মঞ্চই অপমান কৰিছে । মই কাকো আহ্বান নজনাও। মই আদেশ দিছো, যিয়ে দিগন্ত ভাৰতীয় অপমান কৰিছে তেওঁ ক্ষমা খুজিব লাগিব"।

3 / 5

উল্লেখ্য যে, বুধবাৰে দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হৈছিল অপমানজনিত ঘটনা। পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ তেওঁ চানমাৰিৰ পূৱ গুৱাহাটী বিহুৰ অনুষ্ঠানলৈ গৈছিল। তাতে তেওঁৰ সৈতে সংঘটিত হৈছিল অনাকাংক্ষিত ঘটনা।

4 / 5

দৰ্শকৰ আসনত বহি থকা শিল্পীগৰাকীক আয়োজক সমিতিয়ে গান গাবলৈ আহ্বান জনাইছিল। সমিতিৰ আহ্বান মৰ্মে তেওঁ মঞ্চত উঠিছিল। কিন্তু তেতিয়াই আয়োজক সমিতিৰ কৰ্মীয়ে তেওঁ জিন্স পিন্ধি কিয় মঞ্চত উঠিছে বুলি মাইক্ৰফোন কাঢ়ি নি মঞ্চৰ পৰা নমাই দিয়ে।

5 / 5

শিল্পীগৰাকীৰ সৈতে কৰা এনে অপমানজনক কাণ্ডই ক্ষোভিত কৰিছিল বহুতক। শিল্পী দিগন্ত ভাৰতী, তেওঁৰ পত্নীৰ লগতে বিভিন্নজনে দিগন্ত ভাৰতীক ক্ষমা খুজিবলৈ দাবী জনাইছে। ইয়াৰ মাজতে জুবিনে আদেশ দিছে বিহু সমিতিক।

Related Stories
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক