আহি আছে অসমৰ প্ৰথমখন মিউজিকেল ছবি 'ৰৈ ৰৈ বিনালে', অভিনয় কৰিব আচুৰ্য, নীল আকাশে... | zubeen garg 1st musical assamese movie roi roi binale coming soon, announced by zubeen assam Assam news - Assam Tv9

আহি আছে অসমৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’, অভিনয় কৰিব আচুৰ্য, নীল আকাশে…

Published: 

21 Nov 2024 07:01 AM

মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰ আদিৰ সফলতাৰ পাছত আহি আছে জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'। ইতিমধ্যে কন্ঠশিল্পীগৰাকীয়ে ঘোষণা কৰিছে ছবিখনৰ মুক্তিৰ আনুষ্ঠানিক ঘোষণা। শীঘ্ৰেই ৰাইজৰ মাজলৈ আহিব 'ৰৈ ৰৈ বিনালে'।

1 / 5মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰ আদিৰ পাছত আহি আছে জুবিন গাৰ্গৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে'। অসমৰ প্ৰথমখন মিউজিকেল ছবি হ'ব 'ৰৈ ৰৈ বিনালে'। অনুৰাগীৰ বহু অপেক্ষাৰ অন্তত এই ছবিখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে জুবিন গাৰ্গে।

মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰ আদিৰ পাছত আহি আছে জুবিন গাৰ্গৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে'। অসমৰ প্ৰথমখন মিউজিকেল ছবি হ'ব 'ৰৈ ৰৈ বিনালে'। অনুৰাগীৰ বহু অপেক্ষাৰ অন্তত এই ছবিখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰে জুবিন গাৰ্গে।

2 / 5

'ৰৈ ৰৈ বিনালে'ছবিখনৰ কথা বিভিন্ন সময়ত জুবিন গাৰ্গে কৈ আহিছিল যদিও ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা নাছিল। ১৮ ছেপ্টেম্বৰত জুবিন গাৰ্গে ছবিখনৰ স্ত্ৰীপ্ট মুকলি কৰি 'ৰৈ ৰৈ বিনালে'ৰ আনুষ্ঠানিক ঘোষণা কৰে। সামাজিক মাধ্যমক এক ভিডিঅ' বাৰ্তাযোগে আহিবলগীয়া ছবি সন্দৰ্ভত জুবিনে ৰাইজক অৱগত কৰে।

3 / 5

এই সময়ত জুবিনৰ লগত উপস্থিত থাকে পৰিচালক ৰাজেশ ভূঞা, কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, গৰিমা শইকীয়া গাৰ্গ আদিৰ লগতে বহুলোক। জুবিনে কয় যে, মই নতুন ছবি এখন কৰিবলৈ গৈ আছো। ছবিখনৰ নাম 'ৰৈ ৰৈ বিনালে'। অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল ছবি। এই ছবিত অভিনয় কৰিব আচুৰ্য বৰপাত্ৰ, নীল আকাশ আদিয়ে। পৰিচালনা কৰিব ৰাজেশ ভূঞাই।

4 / 5

লগতে জুবিনে কয় যে, এই ছবিখনৰ চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ। কাহিনী জুবিন গাৰ্গৰ। অহা বছৰত এই ছবিখন ৰাইজৰ মাজলৈ আহিব বুলি কয়। ঘোষণাৰ সময়ত 'ৰৈ ৰৈ বিনালে'গীতৰ এটা কলিও শুনা যায়। ছবিখন মুক্তিৰ খবৰে জুবিনৰ অনুৰাগীসকলৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।

5 / 5

ছবিখন সন্দৰ্ভত ৰাজেশ ভূঞাই কয় যে, জুবিনৰ জন্মদিনত জুবিনৰ পৰা ৰিটাৰ্ণ গিফ্ট হিচাপে আমি এইখন লাভ কৰিছো। ই এখন খুব ভাল মিউজিকেল ছবি হ'ব। ঘৰুৱা হিচাপে ভাল কাম কৰিবলৈ চেষ্টা কৰিম। উল্লেখ্য যে ছবিখনৰ কাম চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?