12 Jan 2025 18:22 PM
আজিকালি মানুহৰ ব্যস্ততা বাঢ়িছে আৰু ইয়াৰ প্ৰভাৱ শৰীৰৰ লগতে মানসিক শান্তিত পৰে। শৰীৰৰ লগতে আমাৰ মানসিক স্বাস্থ্য নিয়ন্ত্ৰণত ৰখা প্ৰয়োজনীয়। গতিকে দৈনন্দিক কিছুমান যোগাসন কৰিব লাগে যিয়ে আমাৰ শৰীৰৰ লগতে মানসিক শান্তিত সহায় কৰে। পুৱা বা সন্ধিয়া অলপ সময় উলিয়াই যোগাসন কৰিব পাৰে।
শৱাসনঃ এই আসন অতি সহজ আৰু সকলোৱে এই আসন কৰিব পাৰে। অত্যাধিক মানসিক চাপ অনুভৱ কৰিলে আপুনি শৱাসন কৰিব পাৰে । এই আসন কৰাৰ সময়ত দেহটো আপুনি সম্পূৰ্ণ শিথিল কৰি দিব লাগে। মানসিক অশান্তি দূৰ কৰাৰ ই এক উত্তম উপায়।
সেতু বন্ধাসনঃ এই আসন শৰীৰৰ লগতে মানসিক স্বাস্থ্যৰ বাবে উপকাৰী। এই আসনৰ ফলত তেজৰ সঞ্চালন ভাল হয় আৰু ই মনটোক শান্ত কৰি ৰখাত সহায় কৰে। ই দেহৰ বিভিন্ন ঠাইৰ বিষৰ পৰা পৰিত্ৰাণ লাভতো সহায় কৰে।
বালাসনঃ বালাসন অতি এক সহজ যোগ।এই যোগাসন কৰিলে মানসিক স্বাস্থ্য উন্নত হয়। লগতে ই পেটৰ লগত জড়িত সমস্যা নোহোৱা কৰাত সহায় কৰে। আপুনি প্ৰতিদিনে বালাসন কৰিব পাৰে। ই তেজ সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰে।
উত্তানাসনঃ এই আসনো শৰীৰ আৰু মনৰ বাবে উপকাৰী। এই আসনে মানসিক স্বাস্থ্য উন্নত কৰাৰ লগতে শৰীৰৰ বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। গতিকে আপুনি প্ৰতিদিনে এনে যোগাসন কৰি মানসিক অৱসাদ দূৰ কৰিব পাৰে। প্ৰতিদিনে যোগাসন কৰা স্বাস্থ্যৰ লগতে মানসিক শান্তিৰ বাবে ভাল।