কাইলৈ অসমৰ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ, জানক কিহৰ কাৰণে এই সিদ্ধান্ত... | tomorrow 13 dist close in assam because of assam panchayat election Assam news - Assam Tv9

কাইলৈ অসমৰ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ, জানক কিহৰ কাৰণে এই সিদ্ধান্ত…

Edited By: 

Raj Saikia | Updated On: 08 May 2025 | 10:49 AM

কাইলৈ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। উল্লেখ্য যে, কাইলৈ ৰাজ্যত অনুুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। তেনে অৱস্থাত ১৩ খন জিলাত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

1 / 5৭ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। এই সময়চোৱাত বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয় প্ৰতিষ্ঠান আদিকে ধৰি সকলো। যোৱা ১১ এপ্ৰিলত এক নিৰ্দেশনা যোগে এই বন্ধ ঘোষণা কৰিছিল প্ৰশাসনে।

৭ মে’ত ৰাজ্যৰ ১৩খনকৈ জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। এই সময়চোৱাত বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয় প্ৰতিষ্ঠান আদিকে ধৰি সকলো। যোৱা ১১ এপ্ৰিলত এক নিৰ্দেশনা যোগে এই বন্ধ ঘোষণা কৰিছিল প্ৰশাসনে।

2 / 5

কাইলৈৰ দিনটোত বন্ধ ঘোষণা কৰা জিলা কেইখন ক্ৰমে- ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।

3 / 5

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। কাইলে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত বন্ধ ঘোষণা কৰে।

4 / 5

এই নিৰ্বাচন প্ৰক্ৰিয়াৰে ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য,২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্য বাচনি কৰা হ’ব। নিৰ্বাচিত হোৱা গাঁও পঞ্চায়তৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচন কৰিব ৷ ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।

5 / 5

উল্লেখ্য যে, যোৱা ২ মে'ত ৰাজ্যত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। এই সময়চোৱাত ৰাজ্যৰ মুঠ ১৪ খন জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰাৰ লগতে নিৰ্বাচনী বিষয়াসকলো সাজু হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...