৯ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বিদেশলৈ পবিত্ৰ মাৰ্ঘেৰিটা... | Pabitra Margherita Official Visit to Mexico, Grenada, Barbados, and Antigua and Barbuda Assam news - Assam Tv9

৯ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বিদেশলৈ পবিত্ৰ মাৰ্ঘেৰিটা…

Published: 

28 Sep 2024 21:28 PM

পুনৰ চৰকাৰী ভ্ৰমণসূচীৰে বিদেশলৈ যাব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । অহা ৩০ ছেপ্টেম্বৰ পৰা ৮ অক্টোবৰলৈ ন দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে এইবাৰ মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডা ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

1 / 5পুনৰ চৰকাৰী ভ্ৰমণসূচীৰে বিদেশলৈ যাব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । এইবাৰ মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডা ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

পুনৰ চৰকাৰী ভ্ৰমণসূচীৰে বিদেশলৈ যাব বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । এইবাৰ মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডা ভ্ৰমণ কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

2 / 5

অহা ৩০ ছেপ্টেম্বৰ পৰা ৮ অক্টোবৰলৈ ন দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে এই বিদেশ ৰাষ্ট্ৰ কেইখন ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই ।

3 / 5

এই ভ্ৰমণকালত মাৰ্ঘেৰিটাই অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেক্সিকোৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লাউডিয়া শ্বেনবাউমৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ভাৰতৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

4 / 5

এই ভ্ৰমণকালতে মন্ত্ৰীগৰাকীয়ে গ্ৰেণাডা, বাৰ্বাড'ছ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব ।

5 / 5

ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেণাডা ভ্ৰমণ কৰিব। লগতে এই ভ্ৰমণ কালতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব বুলি জানিব পৰা গৈছে ।

শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...