Operation sindoor: ভাৰতৰ প্ৰতিশোধ! ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু, চাওক ফটো... | Operation sindoor photo india strike on pakistan terrorist bases see photo Assam news - Assam Tv9

Operation sindoor: ভাৰতৰ প্ৰতিশোধ! ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু, চাওক ফটো…

Published: 

07 May 2025 09:34 AM

Operation sindoor: মাজনিশা ভাৰতে চলাই অপাৰেশ্যন সেন্দূৰ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তান আৰু POK ৰ ৯টা স্থানত অভিযান চলায়। য'ত ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

1 / 5পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ৬-৭ মে'ৰ নিশা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত আক্ৰমণ চলায়। সেনাৰ যৌথ অভিযানত চলা এই আক্ৰমণত ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি লক্ষ্য কৰি লয়। অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে POK ৰ ৫ টা স্থানসহিতে মুঠ ৯টা স্থানত আক্ৰমণ কৰে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ স্বৰূপে ৬-৭ মে'ৰ নিশা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত আক্ৰমণ চলায়। সেনাৰ যৌথ অভিযানত চলা এই আক্ৰমণত ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটি লক্ষ্য কৰি লয়। অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে POK ৰ ৫ টা স্থানসহিতে মুঠ ৯টা স্থানত আক্ৰমণ কৰে।

2 / 5

এই আক্ৰমণৰ ঘটনাত ১০০ জনতকৈ অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই আক্ৰমণক লস্কৰ আৰু জইছ ই মহম্মদৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘাটি ধ্বংস কৰা হয়। মাজ নিশা হোৱা এই আক্ৰমণৰ প্ৰতিটো ঘটনা প্ৰধানমন্ত্ৰী মোদীয়ে মনিটৰ কৰি আছিল।

3 / 5

এই ঘটনাৰ কেইটামান ফটো পোহৰলৈ আহিছে। য'ত পাকিস্তানৰ নিয়ন্ত্ৰিত ৰাজধানী মুজাফ্ফৰাবাদৰ সমীপত ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্দেহত ক্ষতিগ্ৰস্ত হোৱা এটা অট্টালিকা পৰীক্ষা কৰি আছে সেনা জোৱানে।

4 / 5

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত পৰ্যটক আৰু পুৰুষসকলক আক্ৰমণ কৰি লৈছিল। সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল মহিলাৰ সেন্দূৰত আঘাত কৰা। এয়া কেৱল পৰ্যটক হত্যাৰ ঘটনা নাছিল। এয়া আছিল ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ওপৰত কৰা আঘাত।

5 / 5

এই আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতে মাজ নিশা দিয়ে। ভাৰতৰ এই আক্ৰমণে স্পষ্ট কৰি দিছে যে ভাৰতে কেৱল কূটনৈতিক নীতি অৱলম্বন কৰিয়ে বহি নাথাকে। সামৰিক অভিযান কৰিব পৰা সামৰ্থও ভাৰতৰ আছে। সন্ত্ৰাসবাদীক ভাৰতে স্পষ্ট বাৰ্তা দিছে যে ভাৰতক আঘাত কৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...