পুৱাৰ চাহকাপক কৰি তোলক অধিক স্বাস্থ্যসন্মতঃ পাকঘৰৰ এইবিধ সামগ্ৰীৰে বনাওক চাহকাপ | Health care tips: benefits of drinking tea with cloves, know here Assam news - Assam Tv9

পুৱাৰ চাহকাপক কৰি তোলক অধিক স্বাস্থ্যসন্মতঃ পাকঘৰৰ এইবিধ সামগ্ৰীৰে বনাওক চাহকাপ

Published: 

08 Feb 2025 | 01:29 PM

পুৱা বা দিনটোৰ আন সময়ত চাহ খোৱাৰ অভ্যাস আমাৰ অধিকাংশ লোকৰে আছে। পিছে ঘৰতে থকা কিছুমান সামগ্ৰীৰ সহায়ত আমি সাধাৰণভাৱে খোৱা চাহকাপ আমাৰ দেহৰ বাবে অত্যন্ত উপকাৰী কৰি তুলিব পাৰোঁ। ঔষধি গুণসম্পন্ন চাহ প্ৰস্তুতৰ এনে এক সহজ উপায়ৰ বিষয়ে জানো আহক।

1 / 5চাহ আমাৰ দৈনন্দিন জীৱনৰ সহচৰ। পুৱা হওক বা দুপৰীয়াই হওক বা সন্ধিয়াই হওক, একাপ চাহে দূৰ কৰে আমাৰ সকলো অৱসাদ। লগতে মানসিক সক্ৰিয়তা বৃদ্ধিৰ ক্ষেত্ৰতো চাহ আমাৰ বাবে ঔষধ স্বৰূপ হৈ পৰে। কেৱল ইমানেই নহয়, বন্ধুৰ সৈতে ৰসাল আড্ডাতো চাহকাপ হৈ পৰে আমাৰ অনন্য অংশীদাৰ।

চাহ আমাৰ দৈনন্দিন জীৱনৰ সহচৰ। পুৱা হওক বা দুপৰীয়াই হওক বা সন্ধিয়াই হওক, একাপ চাহে দূৰ কৰে আমাৰ সকলো অৱসাদ। লগতে মানসিক সক্ৰিয়তা বৃদ্ধিৰ ক্ষেত্ৰতো চাহ আমাৰ বাবে ঔষধ স্বৰূপ হৈ পৰে। কেৱল ইমানেই নহয়, বন্ধুৰ সৈতে ৰসাল আড্ডাতো চাহকাপ হৈ পৰে আমাৰ অনন্য অংশীদাৰ।

2 / 5

এই প্ৰিয় চাহকাপ আমি কিছু বিশেষ উপায়েৰে প্ৰস্তুত কৰিলে আমাৰ দেহেও লাভ কৰে অনন্য উপকাৰিতা। কিছুমান ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা চাহকাপ ঔষধি গুণেৰেও ভৰপূৰ হৈ পৰে। আয়ুৰ্বেদত ঔষধি গুণসম্পন্ন হিচাপে জ্ঞান কৰা এনে বহু সামগ্ৰীৰে চাহ প্ৰস্তুত কৰাৰ বিষয়ে আপুনি হয়তো জ্ঞাত।

3 / 5

তেনে এক ঔষধি গুণসম্পন্ন দ্ৰৱ্য হৈছে লং। চাহত কিছু লং মিহলাই খালে চাহৰ সোৱাদ আৰু সুগন্ধি যিমানেই বৃদ্ধি পায়, সিমানেই স্বাস্থ্য উপকাৰী গুণো বাঢ়ি যায়। লং দিয়া চাহে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। এই চাহকাপে এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল হিচাপে আমাৰ দেহত কাম কৰে।

4 / 5

লং দিয়া চাহে চৰ্দিৰ পৰা উপশম লাভত সহায় কৰে আৰু দাঁতৰ বিষ হ্ৰাস কৰে। লঙত ভিটামিন ই আৰু এ থাকে। এই চাহে শৰীৰ শীতল কৰি ৰাখে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ ক্ষেত্ৰতো সহায় কৰে। এনে উপকাৰৰ বাবে এটা পাত্ৰত একাপ পানী আৰু এচামুচ লং ৫ মিনিটৰ বাবে উতলাই লওক। প্ৰয়োজন হ’লে এই চাহত মৌ মিহলাই ল’ব পাৰে।

5 / 5

পুৱা খালী পেটত এই চাহ খালে দেহৰ বাবে অধিক উপকাৰী বিবেচিত হ’ব। অৱশ্যে অত্যধিক লং মিশ্ৰিত চাহ খালে শৰীৰৰ ক্ষতি হব পাৰে। গতিকে যদি আপুনি যিকোনো ধৰণৰ ঔষধ বা চিকিৎসা গ্ৰহণ কৰি আছে তেন্তে প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...