Maha saptami: আজি মহাসপ্তমীঃ জানক কেতিয়ালৈ কৰিব পাৰিব সপ্তমীৰ পূজা... | durga puja maha saptami today kalmatri devi puja Assam news - Assam Tv9

Maha saptami: আজি মহাসপ্তমীঃ জানক কেতিয়ালৈ কৰিব পাৰিব সপ্তমীৰ পূজা…

Updated On: 

10 Oct 2024 | 04:45 PM

Maha saptami: দুৰ্গা বন্দনাৰে মুখৰিত হৈ আছে আকাশ- বতাহ। ৯ অক্টোবৰত বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পাছতেই আজি মহা সপ্তমীৰ পূজা কৰা হয়। এইবাৰ সপ্তমী আৰু অষ্টমী তিথি একেটা দিনতে পৰিছে।

1 / 5দেৱী বন্দনাৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ষষ্ঠীৰ দিনা দেৱীক বেদীত স্থাপন কৰাৰ পাছতেই আজি পালন কৰা হয় সপ্তমী। আজি  পুৱা প্ৰায় ৬.১০ বজাত হয় মহাসপ্তমীৰ পূজা। অৱশ্যে গোটেই দিনটো পূজাৰ বিশেষ ৰীতি- নীতি অব্যাহত থাকিব। 

দেৱী বন্দনাৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ষষ্ঠীৰ দিনা দেৱীক বেদীত স্থাপন কৰাৰ পাছতেই আজি পালন কৰা হয় সপ্তমী। আজি পুৱা প্ৰায় ৬.১০ বজাত হয় মহাসপ্তমীৰ পূজা। অৱশ্যে গোটেই দিনটো পূজাৰ বিশেষ ৰীতি- নীতি অব্যাহত থাকিব। 

2 / 5

এইবাৰ সপ্তমীৰ দিনটোতেই আৰম্ভ হৈছে অষ্টমী তিথি। একেটা দিনতে দুটাকৈ তিথি পৰা অশুভ বুলি গন্য কৰা হয়। সেয়ে আজি সকলোৱে সপ্তমী পূজায়ে অনুষ্ঠিত কৰিব আৰু কাইলৈ হ'ব মহা অষ্টমী।

3 / 5

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯ টা ৰূপৰ পূজা কৰা হয়। ৭ নম্বৰ দিনটোত পূজা কৰা হয় কালৰাত্ৰিক। মান্যতা অনুসৰি মা কলৰাত্ৰীয়ে আসুৰিক বা অশুভ শক্তিক খেদি পঠিয়ায়। মা কলৰাত্ৰীৰ ৰং ক'লা, তিনিটা চকু, চুলি মেলি, ডিঙিত মুণ্ডৰ মালা আৰু গৰ্ভধ বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে মা কলৰাত্ৰী পূজা কৰিলে ভয় নাশ হয়, সকলো ধৰণৰ বাধা দূৰ হয় আৰু মুক্তি লাভ কৰে।

4 / 5

আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...