"প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা...!" মাতৃত্বৰ কথা উল্লেখ কৰি বৰষাৰাণী বিষয়াই শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট | assamese actress barsha rani bishaya share her pregnancy photos on instagram Assam news - Assam Tv9

“প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা…!” মাতৃত্বৰ কথা উল্লেখ কৰি বৰষাৰাণী বিষয়াৰ বিশেষ পোষ্ট

Updated On: 

28 Dec 2024 13:42 PM

কন্যা সন্তানৰ মাতৃ হ’ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। এই খবৰে আনন্দিত কৰিছিল অনুৰাগীসকল। এতিয়া সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট।

1 / 6যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়া বৰষা ৰাণী বিষয়া এতিয়াও বহুততে প্ৰিয় অভিনেত্ৰী।  বৰষাৰাণী সহজ-সৰল জীৱনশৈলীয়ে সকলোকে আকৰ্ষিত কৰে।

যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়া বৰষা ৰাণী বিষয়া এতিয়াও বহুততে প্ৰিয় অভিনেত্ৰী। বৰষাৰাণী সহজ-সৰল জীৱনশৈলীয়ে সকলোকে আকৰ্ষিত কৰে।

2 / 6

বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰষাই। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি আহিছে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেওঁৰ যথেষ্ট সুনাম আছে।

3 / 6

২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল এটি কন্যা সন্তানে। এই খবৰে আনন্দিত কৰিছিল অনুৰাগীসকল। সামাজিক মাধ্যমযোগে সকলোৱে পিতৃ-মাতৃক জনাইছিল শুভেচ্ছা।

4 / 6

এতিয়া সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট। পষ্টটো বৰষা ৰাণী বিষয়াই শ্বেয়াৰ কৰে অন্তঃসত্বা হৈ থকাৰ অৱস্থাৰ কেইখনমান বিশেষ ফটো।

5 / 6

লগতে পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে, " মই অন্তঃসত্বা অৱস্থাতত কোনোধৰণৰ ফটোশ্বুট কৰা নাছিলো। এই বিষয়ে পিছত এদিন কথা পাতিম। কিন্তু ডাঙৰ দিনটোৰ ঠিক এদিন আগতে মৰমৰ স্বামী ভাস্কৰ বৰুৱাই চিৰদিনৰ বাবে লগত ৰাখিবলৈ বিশেষ ফটো কেইখন তুলিবলৈ জোৰ দিছিল।"

6 / 6

অভিনেত্ৰীগৰাকীয়ে শেষত লিখিছে, "প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা এতিয়া প্ৰকৃতিৰ ৰঙেৰে মোৰ জীৱনলৈ ব’হাগ নমালা।" এতিয়া সকলোৱে বৰষা ৰাণীৰ কন্যাৰ নাম জানিবলৈ আগ্ৰহী হৈছে পৰিছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension