Assam panchayat election: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি? | Assam Panchayat Election 2025 Result Day News in Assamese State Election Commission to Count Voting on 11th May Assam news - Assam Tv9

Assam Panchayat Election 2025 Result Day: আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি, কোনে মাৰিব শেষ হাঁহি?

Updated On: 

11 May 2025 16:54 PM

Assam Panchayat Election 2025 Result Day News in Assamese: আজি পঞ্চায়ত নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব অৰ্ধলক্ষাধিক প্ৰাৰ্থীৰ। পুৱাৰে পৰা ৰাজ্যৰ ৩৯ টা স্থানত ভোটগণনা অনুষ্ঠিত হৈছে।

1 / 5আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বোট গণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। আজি ৩৯৭ খন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সংখ্যা ২,১৯২ খন আৰু ২১,৯২০ খন গাওঁ পঞ্চায়তৰ বাবে হৈছে ভোটগণনা।

আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বোট গণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। আজি ৩৯৭ খন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সংখ্যা ২,১৯২ খন আৰু ২১,৯২০ খন গাওঁ পঞ্চায়তৰ বাবে হৈছে ভোটগণনা।

2 / 5

এইবাৰ পঞ্চায়ত নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থীৰ সলনি বিজেপিৰ প্ৰাৰ্থীৰ হৈছে অগ্ৰগতি। ইফালে বিৰোধী শূন্য হ'ল মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিজা পঞ্চায়ত।

3 / 5

বৃহৎ জয়ৰ দিশে অগ্ৰগতি শাসকীয় বিজেপি আৰু মিত্ৰজোঁটৰ। পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। ইফালে শিৱসাগৰত অখিল গগৈৰ ৰাইজৰ দলৰ মুখঠেকেচা, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে আগবাঢ়ি আছে অখিল গগৈৰ নিজৰ সমষ্টিত।

4 / 5

আজি পঞ্চায়ত নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব অৰ্ধলক্ষাধিক প্ৰাৰ্থীৰ। পুৱাৰে পৰা ৰাজ্যৰ ৩৯ টা স্থানত ভোটগণনা অনুষ্ঠিত হৈছে। ইয়াৰে ৩৭ খন আসনতত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

5 / 5

আৰক্ষী প্ৰশাসন সষ্টম হোৱাৰ পিছতো নিৰ্বাচনৰ সময়ৰ দৰে ভোটগণনাৰ দিনটোতে উত্তেজনাই বিৰাজ কৰিছে ৰাজ্যত। কলিয়াবৰত অগপ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত হতাহতি। শিলচৰতো দেখা গ'ল নিৰ্বাচনকেন্দ্ৰীক হিংসা। এই উত্তেজনাপূৰ্ণ পৰিৱেশত আৰক্ষীসহ আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো লোক। বৰ্তমানলৈ নিৰ্বাচনৰ ফলাপলৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

আপোনাৰ ঘৰত মানি প্লেন্টৰ ওচৰত নিলাজী বন আছে নেকি? তেন্তে জানক এয়া শুভ নে অশুভ?
হাড়ৰ বিষো হ'ব পাৰে কৰ্কট ৰোগৰ লক্ষণ! সবিশেষ জানক
ব্ৰেইন টিউমাৰ লক্ষণবোৰ কেনেকুৱা ধৰণৰ হয় ? সবিশেষ জানক
কি কাৰণত দ্ৰুতগতিত চুলি সৰে ? কেনেকৈ ৰোধ কৰিব ? জানক