শনিবাৰে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিব ​​পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ | Assam BJP will release manifesto for panchayat elections tomorrow Assam news - Assam Tv9

শনিবাৰে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিব ​​পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ, ১৩ জন বিশেষ ব্যক্তিক সম্বৰ্ধনা

Edited By: 

Raj Saikia | Updated On: 26 Apr 2025 | 01:29 AM

​​২৬ এপ্ৰিলত পুৱা ৯ বজাত অটল বিহাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিব। ইস্তাহাৰ উন্মোচনৰ উপলক্ষে কৃষিৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণলৈকে ব্যতিক্ৰমী কামৰ বাবে ১৩ জন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাব বিজেপিয়ে।

1 / 5অসমত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যজুৰি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।

অসমত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যজুৰি প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন।

2 / 5

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটাৰ লগতে দলৰ মন্ত্রী, বিধায়ক আৰু গুৰুত্বপূর্ণ কার্যকর্তাসকলে সমগ্ৰ অসমতে প্রচাৰ অব্যাহত ৰাখিছে ।

3 / 5

দলৰ প্ৰচাৰ আৰু পৰিকল্পনা প্ৰচেষ্টাৰ অংশ হিচাপে কাইলৈ ​​২৬ এপ্ৰিলত পুৱা ৯ বজাত অটল বিহাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিব।

4 / 5

ইস্তাহাৰত গ্ৰাম্য উন্নয়নৰ বাবে বিজেপিৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা হ’ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে । ইস্তাহাৰ উন্মোচনৰ উপলক্ষে কৃষিৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণলৈকে ব্যতিক্ৰমী কামৰ বাবে ১৩ জন বিশেষ ব্যক্তিক সন্মানিত কৰা হ’ব।

5 / 5

উল্লেখ্য যে,ৰাজহুৱা আলোচনা আৰু ৰাজ্যজুৰি নাগৰিকসকলৰ পৰা পোৱা মতামতৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ ইস্তাহাৰ। কিছুদিন পূৰ্বে বিজেপিয়ে ইস্তাহাৰত প্ৰস্তুত কৰাৰ বাবে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মতামত বিচাৰিছিল । একে সময়তে এই মতামতৰ গ্ৰহণৰ দ্বাৰা জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা ইস্তাহাৰত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে ৰাজ্যিক বিজেপিয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...