মাদলৰ ছেও আৰু ঝুমুৰৰ ছন্দত মুখৰিত সৰুসজাই ষ্টেডিয়াম | around 9000 artists performed Jhumur dance at Sarusajai in Guwahati Assam news - Assam Tv9

ঝুমইৰ বিনন্দিনী: একেলগে ঝুমুৰ নাচিলে প্ৰায় ৯০০০ শিল্পীয়ে

Published: 

24 Feb 2025 19:40 PM

মাদলৰ ছেও আৰু ঝুমুৰৰ ছন্দত মুখৰিত সৰুসজাই ষ্টেডিয়াম । প্ৰধানমন্ত্ৰী মোদীও সাক্ষী হ'ল ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ-

1 / 7গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান । প্ৰায় ৮৬০০ গৰাকী শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান । প্ৰায় ৮৬০০ গৰাকী শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ।

2 / 7

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, প্ৰায় ৬০ খন দেশৰ প্ৰতিনিধিৰ লগতে বিভিন্নজনে উপভোগ কৰে এই ঝুমুৰ নৃত্যৰ অনুষ্ঠান ।

3 / 7

ৰাজ্যৰ ৮০০ চাহ বাগিচাৰ পৰা সৰুসজাইত উপস্থিত হৈছেহি শিল্পীসকল । তেওঁলোকে পৰিৱেশন কৰে ঝুমুৰ নৃত্য ।

4 / 7

ঝুমুৰ হৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ এক পৰম্পৰাগত নৃত্য । চাওঁতালী মুণ্ডাৰি ভাষাত 'ঝুম' মানে মানুহৰ গোট বা ভিৰ আৰু 'অইৰ' মানে ঘেৰি ধৰা । অৰ্থাৎ ঝুমইৰ শব্দৰ অৰ্থ হ'ল জুম পাতি ঘূৰি ঘূৰি নচা । কালক্ৰমত ঝুমইৰ শব্দটো ঝুমুৰ হিচাপে পৰিচিত হৈ পৰে ।

5 / 7

ভাদ মাহৰ শুক্লা একাশী তিথিত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে কৰম পৰৱ । কৰম পৰৱতেই পৰিৱেশন কৰা হয় ঝুমুৰ নৃত্য ।

6 / 7

Jhumur6

7 / 7

পুৰুষসকলে মাদল, বাঁহী, তাল আজি বাদ্য বজাই গীত গায় । ডেকাজনে গোৱা গীতটিৰ শেষৰ দুফাকি পুনৰ গায় মহিলাসকলে নৃত্য কৰে ।

বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...