মাদলৰ ছেও আৰু ঝুমুৰৰ ছন্দত মুখৰিত সৰুসজাই ষ্টেডিয়াম | around 9000 artists performed Jhumur dance at Sarusajai in Guwahati Assam news - Assam Tv9

ঝুমইৰ বিনন্দিনী: একেলগে ঝুমুৰ নাচিলে প্ৰায় ৯০০০ শিল্পীয়ে

Published: 

24 Feb 2025 | 07:40 PM

মাদলৰ ছেও আৰু ঝুমুৰৰ ছন্দত মুখৰিত সৰুসজাই ষ্টেডিয়াম । প্ৰধানমন্ত্ৰী মোদীও সাক্ষী হ'ল ঝুমুৰ বিনন্দিনী অনুষ্ঠানৰ-

1 / 7গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান । প্ৰায় ৮৬০০ গৰাকী শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান । প্ৰায় ৮৬০০ গৰাকী শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান ।

2 / 7

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, প্ৰায় ৬০ খন দেশৰ প্ৰতিনিধিৰ লগতে বিভিন্নজনে উপভোগ কৰে এই ঝুমুৰ নৃত্যৰ অনুষ্ঠান ।

3 / 7

ৰাজ্যৰ ৮০০ চাহ বাগিচাৰ পৰা সৰুসজাইত উপস্থিত হৈছেহি শিল্পীসকল । তেওঁলোকে পৰিৱেশন কৰে ঝুমুৰ নৃত্য ।

4 / 7

ঝুমুৰ হৈছে চাহ জনগোষ্ঠীয় লোকসকলৰ এক পৰম্পৰাগত নৃত্য । চাওঁতালী মুণ্ডাৰি ভাষাত 'ঝুম' মানে মানুহৰ গোট বা ভিৰ আৰু 'অইৰ' মানে ঘেৰি ধৰা । অৰ্থাৎ ঝুমইৰ শব্দৰ অৰ্থ হ'ল জুম পাতি ঘূৰি ঘূৰি নচা । কালক্ৰমত ঝুমইৰ শব্দটো ঝুমুৰ হিচাপে পৰিচিত হৈ পৰে ।

5 / 7

ভাদ মাহৰ শুক্লা একাশী তিথিত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে কৰম পৰৱ । কৰম পৰৱতেই পৰিৱেশন কৰা হয় ঝুমুৰ নৃত্য ।

6 / 7

Jhumur6

7 / 7

পুৰুষসকলে মাদল, বাঁহী, তাল আজি বাদ্য বজাই গীত গায় । ডেকাজনে গোৱা গীতটিৰ শেষৰ দুফাকি পুনৰ গায় মহিলাসকলে নৃত্য কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...