দেশজুৰি বাজি উঠিল চাইৰেন! অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত মক ড্ৰিলৰ আয়োজন | Army conducting mock drills across country also in Assam After Operation Sindoor Assam news - Assam Tv9

দেশজুৰি বাজি উঠিল চাইৰেন! অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত মক ড্ৰিলৰ আয়োজন

Published: 

07 May 2025 20:38 PM

ভাৰতীয় সেনাৰ অপাৰেশ্যন সেন্দূৰৰ পিছত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে আজি সমগ্ৰ দেশতে মক ড্ৰিল চলোৱা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা আৰু যুদ্ধসদৃশ পৰিস্থিতি আৰু শত্ৰুৰ আক্ৰমণৰ সময়ত জৰুৰীকালীন প্ৰস্তুতিৰ মূল্যায়ন কৰা। অসমৰ ২০ স্থানত অনুষ্ঠিত হৈছে মক ড্ৰিল।

1 / 5বুধবাৰে মাজনিশা অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ ঘাটী ধ্বংস কৰিছে ভাৰতীয় সেনাই। এই অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। ইফালে যুদ্ধসদৃশ পৰিস্থিতি আৰু শত্ৰু দেশৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ আজি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত নিৰাপত্তাজনিত কাৰণত মক ড্ৰিল চলোৱা হৈছে।

বুধবাৰে মাজনিশা অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ ঘাটী ধ্বংস কৰিছে ভাৰতীয় সেনাই। এই অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। ইফালে যুদ্ধসদৃশ পৰিস্থিতি আৰু শত্ৰু দেশৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ আজি সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত নিৰাপত্তাজনিত কাৰণত মক ড্ৰিল চলোৱা হৈছে।

2 / 5

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে দিল্লীকে ধৰি বিভিন্ন ৰাজ্যত আয়োজন কৰা হৈছে মক ড্ৰিলৰ। অসমৰ ২০ স্থানত অনুষ্ঠিত হৈছে যুদ্ধৰ মকড্ৰিল।

3 / 5

অসমৰ বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা,যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ,ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ-লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰ আদি স্থানত আয়োজন কৰা হৈছে মক ড্ৰিলৰ।

4 / 5

গুৱাহাটী স্থিত দশম অসম আৰক্ষী বাহিনী চৌহদত মক ড্ৰিলৰ মচোৱাত অৱলম্বন কৰিবলগীয়া সাৱধানতা আৰু চাইৰেনে কি ধৰনে সাধাৰণ জনতাক সজাগ কৰিব লগতে চাইৰেনৰ সময়ত নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব সেই বিষয়ে এক দীঘলীয়া অনুশীলন অনুষ্ঠিত হয়।

5 / 5

প্ৰতিৰক্ষা বাহিনী, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ সহযোগ আয়োজন কৰা মক ড্ৰিলত অংশগ্ৰহণ কৰে শিক্ষাৰ্থী, চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান, চিকিৎসা কৰ্মীসকলে।

কেঁচা গাখীৰ খোৱা উচিত হয় নে? বিশেষজ্ঞসকলে কি কয় জানো আহক
সোমবাৰে কৰক এই ৫টা সহজ কাম, ভগৱান শিৱ সন্তুষ্ট হ'ব আপোনাৰ পূজাত!
আই পি এল স্থগিত নৰখা হ’লেই বৃহৎ লোকচানৰ সন্মুখীন হ’লহেঁতেন আৰ চি বি!
গ্ৰীষ্মকালত এই খাদ্যবোৰে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে...