Ambubachi Mela 2025: অম্বুবাচীৰ নিবৃত্তি, মাৰ আশিস বিচাৰি কামাখ্যা ধামত অগণন ভক্তৰ সমাগম | Ambubachi mela end Kamakhya Temple neelachal Guwahati Assam with the crowd of devotees Assam news - Assam Tv9

Ambubachi Mela 2025: অম্বুবাচীৰ নিবৃত্তি, মাৰ আশিস বিচাৰি কামাখ্যা ধামত অগণন ভক্তৰ সমাগম

Updated On: 

26 Jun 2025 | 09:42 AM

অম্বুবাচীৰ নিবৃত্তিৰ পিছতে ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। পুৱতিনিশা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি। দেশ-বিদেশৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ মা কামাখ্যাত।

1 / 5মা কামাখ্যা ধামত অম্বুবাচীৰ নিবৃত্তি। বৃহস্পতিবাৰে পুৱতি নিশা ৩ বাজি ১৯ মিনিটত নিবৃত্তি অম্বুবাচীৰ। ৪ দিনৰ অন্তত আজি খুলি দিয়া হ’ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

মা কামাখ্যা ধামত অম্বুবাচীৰ নিবৃত্তি। বৃহস্পতিবাৰে পুৱতি নিশা ৩ বাজি ১৯ মিনিটত নিবৃত্তি অম্বুবাচীৰ। ৪ দিনৰ অন্তত আজি খুলি দিয়া হ’ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

2 / 5

বিভিন্ন পৰম্পৰা ৰীতি-নীতিৰে দেশ তথা ৰাজ্যৰ ভক্তগণে পালন কৰিলে অম্বুবাচী। জনবিশ্বাস অনুসৰি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তৃতীয় পাদৰ অন্ত চতুৰ্থ পাদৰ আৰম্ভণিৰ লগে লগে ৰজস্বলা হয় ধৰিত্ৰী।সেই সময়তে অৰ্থাৎ অম্বুবাচীৰ প্ৰবৃত্তিত বন্ধ কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

3 / 5

আজি সূৰ্যোদয়ৰ লগে লগে পুৱা ৫ বজাত খোল খালে শক্তিপীঠ মা কামাখ্যাৰ গৰ্ভগৃহৰ মূল দুৱাৰ। মা কামাখ্যাৰ নৈমিত্তিক পূজা-অৰ্চনাৰ পিচতে ভক্তৰ বাবে খুলি দিয়া হয় প্ৰৱেশদ্বাৰ।

4 / 5

২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত আৰম্ভ হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি ঘটে।

5 / 5

পুৱতি নিশাৰে পৰা কামাখ্যাৰ দুৱাৰত ভিৰ কৰিছে অজস্ৰজনে। লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈ পৰিছে কামাখ্যা ধাম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...