শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ জীৱনলৈ সংশয় নমাই আনিব পাৰে বিচনাৰ গাৰুৱে! হাওঁফাওঁত পেলাব পাৰে এনে চিন্তনীয় ক্ষতি

জানি আচৰিত হ’ব, আৰামৰ বাবে আপুনি লোৱা গাৰুটোৱে আপোনাৰ জীৱনলৈ নমাই আনিব সংশয়। এই কথা শুনি হয়তো আপুনি আচৰিত হৈ পৰিব। কিন্তু আচৰিত হ’লেও এয়া সঁচা।

আপোনাৰ জীৱনলৈ সংশয় নমাই আনিব পাৰে বিচনাৰ গাৰুৱে! হাওঁফাওঁত পেলাব পাৰে এনে চিন্তনীয় ক্ষতি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 28 Aug 2025 16:56 PM

দিনটোৰ পৰিশ্ৰমৰ অন্তত নিশা বিচনাত পৰাৰ লগে লগে সকলোৱে বিচাৰে শান্তিৰ টোপনি। কোমল গাৰুত মূৰ পেলাই দিনটোৰ পৰিশ্ৰম পাহৰি লয় বিশ্ৰাম। কিন্তু জানি আচৰিত হ’ব, আৰামৰ বাবে আপুনি লোৱা গাৰুটোৱে আপোনাৰ জীৱনলৈ নমাই আনিব সংশয়। এই কথা শুনি হয়তো আপুনি আচৰিত হৈ পৰিব। কিন্তু আচৰিত হ’লেও এয়া সঁচা। আমাৰ দেহৰ এক প্ৰধান অংগ হৈছে হাওঁফাওঁ। এই অংগটোৱে ভালদৰে কাম নকৰিলেই ব্যক্তিজনৰ মৃত্যু ঘটিব। সেয়ে হাওঁফাওঁৰ যত্ন লোৱা অত্যন্ত প্ৰয়োজনীয়।

সেইবাবেই নিজৰ চৌপাশৰ পৰিৱেশ বিশুদ্ধ কৰি ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, ধূমপান পৰিহাৰ কৰা আদি অভ্যাস অতি প্ৰয়োজনীয়। পিছে ইয়াৰ পিছতো আপোনাৰ বিচনাৰ গাৰুটোৰ প্ৰতি যত্ন নল’লে ভুগিব পাৰে অতি ক্ষতিকাৰক ফল। বিচনাৰ এটা গাৰুৱে আপোনাৰ হাওঁফাওঁত পেলাব পাৰে যথেষ্ট কু-প্ৰভাৱ।

বিশেষজ্ঞসকলে কয় যে যদি গাৰুটো পুৰণি হয় আৰু ভালদৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা নহয়, তেতিয়া ই আপোনাৰ হাওঁফাওঁৰ যথেষ্ট ক্ষতি কৰিব পাৰে। পুৰণি বা অপৰিষ্কাৰ গাৰুত এলাৰ্জেন, ধূলিৰ কণা, ভেঁকুৰ আদি থাকিব পাৰে। এইসমূহে হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী বা অতি সংবেদনশীল নিউমোনাইটিছৰ সৃষ্টি কৰিব পাৰে। লগতে এনে সমস্যা থকা লোকসকলৰ সমস্যা অধিক কৰি তুলিব পাৰে।

ফ’মৰ গাৰুত ভেকুৰ পৰিব পাৰে। গাৰুত ভেকুৰৰ উপস্থিতিৰ ফলত হাওঁফাওঁত প্ৰদাহৰ সমস্যা হয়। সময়মতে সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে তথা চিকিৎসা নকৰিলে ক্ৰমান্বয়ে পালমোনাৰী ফাইব্ৰ’ছিছ আৰু শ্বাস-প্ৰশ্বাসজনিত বিকলতালৈ পৰিণত হ’ব পাৰে। এনে অৱস্থাত ব্যক্তিজনৰ জীৱনলৈ সংকট নামি আহিব পাৰে।

গতিকে এইক্ষেত্ৰত আমি অত্যন্ত সাৱধান হোৱা উচিত। পুৱা বিচনাৰ পৰা উঠাৰ পিছত নাকেৰে পানী ওলোৱা, হাঁচি, চকুৰ খজুৱতি বা পানী ওলোৱা, কাহ আদি সমস্যা হয়, তেতিয়া এয়া আপুনি সাৱধান হোৱা উচিত আৰু পৰাপক্ষত গাৰু সলন কৰা উচিত। লগতে গাৰুত দেখা পোৱা দাগ, বেয়া গোন্ধ, তুলা গোট মৰা লক্ষ্য কৰিলে সলনি কৰক।

সাধাৰণতে চিকিৎসকে প্ৰতি ১–২ বছৰৰ মূৰে মূৰে গাৰু সলনি কৰিবলৈ পৰামৰ্শ দিয়ে। এনে পদক্ষেপে এলাৰ্জেন জমা হ’বলৈ নিদিয়ে। কিন্তু হাঁপানী, চাইনাছৰ সমস্যা বা হাওঁফাওঁৰ ৰোগ থকাসকলৰ বাবে প্ৰতি ৩–৬ মাহৰ মূৰে মূৰে গাৰু সলনি কৰাটো প্ৰয়োজনীয়। পুৰণি গাৰুৰ দ্বাৰা এলাৰ্জী বৃদ্ধি পাব পাৰে, হাঁপানীৰ সমস্যা অধিক চিন্তনীয় হৈ পৰিব পাৰে।

কিছুমান ক্ষেত্ৰত পুৰণি আৰু অপৰিষ্কাৰ গাৰুৱে হাওঁফাওঁৰ গুৰুতৰ ৰোগ যেনে হাইপাৰচেন্সিটিভিটি নিউমোনাইটিছ বা এছপাৰজিল’ছিছ সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে নিজকে সুস্থ কৰি ৰাখিবলৈ বিচনাৰ গাৰুটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যত্ন ল’ব লাগে তথা সময় মতে সলনি কৰিব লাগে।