World Environment Day Quotes in Assamese: বিশ্ব পৰিৱেশ দিৱসত এইদৰে শ্বেয়াৰ কৰক শ্লোগান আৰু পৰিৱেশ সজাগতাৰ উক্তি…

World Environment Day Quotes & messages: আজি বিশ্ব পৰিৱেশ দিৱস । এই দিনটোত কিছুমান উক্তি শ্বেয়াৰ কৰি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰে। ইয়াত কিছুমান উক্তি আৰু শ্লোগান দিয়া হৈছে যিবোৰ আপুনি শ্বেয়াৰ কৰি সজাগতা বৃদ্ধি কৰিব পাৰে।

World Environment Day Quotes in Assamese: বিশ্ব পৰিৱেশ দিৱসত এইদৰে শ্বেয়াৰ কৰক শ্লোগান আৰু পৰিৱেশ সজাগতাৰ উক্তি...

বিশ্ব পৰিৱেশ দিৱস

Updated On: 

05 Jun 2025 | 12:14 PM

World Environment Day 2025: আজি ৫ জুন, চৌদিশে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। এই দিৱসৰ উদ্দেশ্য হৈছে মানুহৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বিয়পাই দিয়া আৰু পৃথিৱীখনক সুৰক্ষা প্ৰদানৰ প্ৰচেষ্টাক উৎসাহিত কৰা। ১৯৭২ চনত ৰাষ্ট্ৰসংঘই আৰম্ভ কৰিছিল। প্ৰতি বছৰে কোনো এটা বিষয়বস্তুৰ জৰিয়তে ইয়াক উদযাপন কৰা হয়। এইবাৰৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণক ৰোধ কৰা। এই বিশেষ দিনটো উপলক্ষে বহু ঠাইত অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে। এনে পৰিস্থিতিত যদি আপুনিও আপোনাৰ আপোনজনৰ মাজত পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বিচাৰে তেন্তে এই উক্তি আৰু শ্লোগানসমূহ শ্বেয়াৰ কৰিব পাৰে।

বিশ্ব পৰিৱেশ দিৱসৰ উক্তি আৰু শ্লোগান

  1. গছ পুলি ৰোপণ কৰি চৌদিশ কৰক সেউজীয়া, এয়া আমাৰ দায়িত্ব…সকলোৱে লওক পৰিৱেশ সুৰক্ষাৰ দায়িত্ব
  2. আকৌ এবাৰ সেউজীয়া হওক পৃথিৱী, প্ৰতিদিনে নহ’লেও সময় পালে ৰোপণ কৰক দুটা বা চাৰিটা গছ পুলি, আগবাঢ়ি যাওক আৰু এই বিশেষ বাৰ্তা সকলোলৈ বিয়পাই দিয়ক।
  3. সকলোকে এজোপা গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰক
  4. গছ থাকিলেহে মানুহ থাকিব… উন্নত পৰিৱেশৰ বাবে গছপুলি ৰোপণ কৰাতকৈ উত্তম বিকল্প নাই
  5. জীৱনত যদি সুখ বিচাৰে, তেন্তে চাৰিওফালে সেউজীয়া কৰিব লাগে…আহক আমি সকলোৱে লগ হৈ সুস্থ পৃথিৱী গঢ়ি তোলো। গছ ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰি তোলো…
  6. গছ ৰোপণ কৰক, পৃথিৱী ৰক্ষা কৰক..একে সংকল্পৰে সকলোৰে লগত হাত মিলাই পৰিৱেশ ৰক্ষা কৰক।
  7. গছ নাকাটিব উশাহ ল’বলৈ কষ্ট পাব, পৰিৱেশ ৰক্ষা মানে পৃথিৱী ৰক্ষা।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...