মহিলাৰ ৫টা সাধাৰণ অভ্যাস! ছাল অকালতে কৰি তোলে বৃদ্ধ, জানক সকলো…
সকলো মানুহে এখন সুন্দৰ ছাল বিচাৰে। বিশেষকৈ মহিলাসকলে ছালৰ প্ৰতি বেছি গুৰুত্ব দিয়া দেখা যায়। কিন্তু কিছুমান কাৰণত ছালৰ লগত জড়িত সমস্যা হোৱা দেখা যায়। কিছুমান অভ্যাসে মানুহক অকালতে বৃদ্ধ কৰি পেলাব পাৰে।

ছাল
প্ৰায় সকলো মহিলাই বিচাৰে এখন ধুনীয়া আৰু সুন্দৰ ছাল। কিন্তু আজিকালি বিভিন্ন কাৰণত মহিলাৰ ছাল নষ্ট হৈ যোৱা দেখা যায়। ছাল শুকান হোৱা, শালমইনা ওলোৱা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। মহিলাসকলৰ ৫টা এনে অভ্যাস আছে যিয়ে ছালৰ উজ্বলতা কমাই আৰু অকালতে বৃদ্ধ কৰি তোলে।
টোপনিৰ সমস্যাঃ নিশা পৰ্যাপ্ত টোপনিৰ ফলত ছাল ধুনীয়া আৰু উজ্বল দেখা যায়। কিন্তু টোপনিৰ অভাৱ হ’লে চকুৰ তলত ক’লা দাগ, বলিৰেখা আদি পৰিবলৈ আৰম্ভ কৰে। গতিকে প্ৰতিদিনে অন্তত ৭-৮ ঘন্টা সময় শুব লাগে।
ৰ’দঃ সূৰ্যৰ অতি বেঙুনীয়া (UV) ৰশ্মিয়ে আমাৰ ছালৰ ক্ষতি কৰে। যাৰ ফলত ছালত দাগ, বলিৰেখা, ঢিলা হোৱা আদি সমস্যা হ’ব পাৰে। গতিকে ঘৰৰ ভিতৰত হওক বা বাহিৰত ছালৰ যত্ন ল’ব লাগে। সেয়ে সদায় ছানস্ত্ৰীম ব্যৱহাৰ কৰিব লাগে।
ধূমপান আৰু সুৰাপানঃ বহু মহিলাই সুৰাপান কৰে বা ধূমপান কৰে। এই অভ্যাসে শৰীৰৰ কোষবোৰৰ ক্ষতি কৰকে। এইবোৰ সেৱনৰ ফলত কোলেজন ভাঙে। যাৰ বাবে অকালতে বৃদ্ধ দেখা যায়।
বেয়া খাদ্যঃ আজিকালি বহু মহিলাই জাংক ফুড, চেনি,অত্যধিক তেলৰ খাদ্য খায়। ই আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়। এনে খাদ্যই শৰীৰক বিভিন্ন দিশৰ পৰা ক্ষতি কৰে লগতে ছালৰ সমস্যাৰো সৃষ্টি কৰে।
কম পানীঃ আজিকালি ব্যস্ত সময়ত বহু মহিলাই কমকৈ পানী খায়। কিন্তু এয়া ডাঙৰ ভুল। পানী কম খোৱাৰ ফলত ছাল শুকান হৈ পৰে। ইয়াৰ ফলত বয়সতকৈ আগতে মানুহক বুঢ়া দেখা যায়। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।
মানসিক চাপঃ মহিলাসকলে ঘৰৰ লগতে অফিচৰ কামো কৰে। ইয়াৰোপৰি সম্পৰ্কৰ সমস্যাবোৰ আছে। এনে ক্ষেত্ৰত এইবোৰৰ চিন্তাই মহিলাৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। ছাৰ ফলত ছালৰ উজ্বলতা লাহে লাহে কমি যায়।
গতিকে মহিলাসকলে এইবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগে। স্বাস্থ্যৰ লগতে ছালৰ বাবেও পানী আৰু টোপনি প্ৰয়োজনীয়। প্ৰতিদিনে ভাল টোপনি আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খালে ছাল ধুনীয়া হৈ পৰে।
অন্য খবৰ পঢ়কঃ শীতকালত কিয় বৃদ্ধি পাই ব্লাড চুগাৰ? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…