শীতকালত ৰাতিপুৱা কিয় বেছিকৈ হাৰ্ট এটেক হয়? লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
বিশেষকৈ শীতকালত ৰাতিপুৱা হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ৰাতিপুৱা কিয় বেছিকৈ হাৰ্ট এটেক হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানোঁ আহক।

শীতকালত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন। এই শীতকালত হাৰ্ট এটেকৰ আশংকাও বৃদ্ধি পায়। হাৰ্ট এটেকৰ পূৰ্বে কিছুমান লক্ষণে দেখা দিয়ে যদিও ইয়াক বহুতে ধৰিব নোৱাৰে। বিশেষকৈ শীতকালত ৰাতিপুৱা হাৰ্ট এটেকৰ সম্ভাৱনা থাকে। ৰাতিপুৱা কিয় বেছিকৈ হাৰ্ট এটেক হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানোঁ আহক।
দিল্লীৰ মূলচান্দ মেডিচিটি হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ সহযোগী সঞ্চালক ডাঃ তৰুণ কুমাৰে বুজাইছে যে, শীতকালত উষ্ণতা কম হোৱাৰ বাবে হৃদযন্ত্ৰৰ ধমনীবোৰ সংকুচিত হৈ পৰে। ৰাতিপুৱাও ৰক্তচাপ বাঢ়ি যায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে। কিছুমান ক্ষেত্ৰত তেজ জমাও হ’ব পাৰে। উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ধমনীত প্লেক ফাটি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে।
ৰাতিপুৱা শৰীৰত কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে মানসিক চাপৰ হৰম’ন বৃদ্ধি পায়, যাৰ ফলত হৃদস্পন্দন বৃদ্ধি পাব পাৰে। যিসকল লোকৰ হৃদযন্ত্ৰৰ ধমনীত ইতিমধ্যে প্লেক থাকে, তেওঁলোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
কোনসকলৰ বিপদ বাঢ়ি যায়?
ডাঃ কুমাৰে বুজাইছে যে, যিসকল লোকৰ ইতিমধ্যে উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছ ৰোগৰ আশংকা বেছি। এনে ব্যক্তিয়ে শীতকালত নিজৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। তেওঁলোকৰ বাবে ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। হাৰ্ট এটেকৰ লক্ষণৰ বিষয়েও সচেতন হোৱাটো গুৰুত্বপূৰ্ণ।
হাৰ্ট এটেকৰ লক্ষণসমূহ কি কি?
- বুকুৰ বিষ হ’ব পাৰে। ইয়াৰ লগতে বুকুত গধুৰ গধুৰ অনুভৱ কৰিব পাৰে।
- এন্টি এচিড বড়ি খোৱাৰ পিছতো বিষ স্থায়ী হৈ থকা। বাওঁফাললৈ যাব পাৰে বুকুৰ বিষ।
- উশাহ লোৱাত কষ্ট পাব পাৰে।
হাৰ্ট এটেক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি
- নিজকে গৰম কৰি ৰাখক: ঠাণ্ডা বতাহৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা বিৰত থাকিব আৰু উপযুক্ত সাজ-পোছাক পৰিধান কৰক।
- ঘৰৰ ভিতৰতে লঘু ব্যায়াম কৰক।
- ফল-মূল, শাক-পাচলি, গোটা শস্য, কম চৰ্বিযুক্ত প্ৰটিন আদি হৃদযন্ত্ৰৰ বাবে উপকাৰী খাদ্য খাব লাগে।
- নিয়মিতভাৱে ৰক্তচাপ, কলেষ্টেৰল, চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক।
- শীতকালত বুকুৰ বিষ বা অস্বাভাৱিক ভাগৰুৱা অনুভৱ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।