যুৱক-যুৱতীৰ মাজত কিয় বৃদ্ধি পাইছে ফেটি লিভাৰৰ সমস্যা? জানক চিকিৎসকে কি কয়…

Fatty liver causes: আজিকালি যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে ফেটি লিভাৰৰ সমস্যা। শকত লোকৰ পৰা ক্ষীণ, বিভিন্নজনে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যাৰ বাবে ই গুৰুতৰ সমস্যা হৈ গৈ আছে।

যুৱক-যুৱতীৰ মাজত কিয় বৃদ্ধি পাইছে ফেটি লিভাৰৰ সমস্যা? জানক চিকিৎসকে কি কয়...

প্ৰতীকি ফটো

Published: 

20 Apr 2025 | 12:56 PM

আজিকালি যুৱক-যুৱতীসকলৰ মাজত ফেটি লিভাৰ (Fatty liver) ৰ সমস্যা তীব্ৰগতিত বৃদ্ধি পাইছে। আগতে এই ৰোগ কিছুমানৰ দেহত দেখা গৈছিল যদিও আদিকালি মহামাৰীৰ দৰে যুৱ সমাজৰ মাজত এই ৰোগ বিয়পি পৰিছে। ইয়াৰ কাৰণ হ’ল দীৰ্ঘ সময় স্ত্ৰীন ব্যৱহাৰ কৰা (লেপটপ, মোবাইল আদি), ডেক্সৰ কাম, খাদ্য, জাংক ফুড খোৱা আদি । এই ৰোগৰ সমস্যা লাহে লাহে দ্ৰুত গতিত বৃদ্ধি পাইছে। যদি সময়ত এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে ই ভয়ংকৰ ৰূপ ল’ব পাৰে।

আগতে ইয়াক নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD) বুলি কোৱা হৈছিল, এতিয়া ইয়াক মেটাবলিক ডিছফংচন-এছ’চিয়েটেড লিভাৰ ডিজিজ (MASLD) বুলি কোৱা হয়। এই ৰোগ এতিয়া কেৱল শকত লোকসকলৰে নহয়, স্বাভাৱিক ওজন থকা বা ক্ষীণ লোকসকলৰ মাজতো এই ৰোগ বিয়পি পৰিছে। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে আই টি খণ্ডত কাম কৰা ৮০%তকৈ অধিক লোক MASLD ৰ দ্বাৰা আক্ৰান্ত।

সমস্যা বৃদ্ধি

ফেটি লিভাৰত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাত কোনো বিশেষ লক্ষণ দেখা নাযায়। যাৰ বাবে লাহে লাহে এই সমস্যা বৃদ্ধি হয়। সময়মতে ইয়াৰ চিকিৎসা নকৰিলে নন-এলকহলিক ষ্টেট’হেপাটাইটিছ (NASH), চিৰ’ছিছ বা লিভাৰ কেন্সাৰ আদিৰ ৰূপ ল’ব পাৰে। চিকিৎসকৰ মতে,যেতিয়া পেট ফুলে, ওজন হ্ৰাস পাই বিশেষকৈ তেতিয়া যকৃতৰ ৰোগসমূহ দেখা দিয়ে।

কোনসকল লোকৰ হয়

ফেটি লিভাৰ কেৱল মেদবহুলতাৰ সমস্যা থকা লোকসকলৰ মাজতে দেখা নাযায়, যি স্বাভাৱিক বা ক্ষীণ লোকসকলকো প্ৰভাৱিত কৰে। ইয়াৰ কাৰণ জিনীয়, ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু পেটৰ আভ্যন্তৰীণ চৰ্বি আদি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, এই ৰোগ জীৱনশৈলী আৰু খাদ্যভাসৰ সৈতেও জড়িত। যাৰ বাবে এই ৰোগৰ সজাগতা বৃদ্ধি কৰা দৰকাৰ।

কিয় হয়

আজিকালি প্ৰায়ভাগ যুৱক-যুৱতীৰ ডেক্সৰ কাম। অৰ্থাৎ ঘন্টাৰ পাছত ঘন্টা অফিচত বহি কাম কৰিব লাগে। এনে পৰিস্থিতিত, বহু সময় বহি থাকিলে বা শৰীৰৰ কোনো ক্ৰিয়া-কলাপ নকৰিলে ফেটি লিভাৰৰ আশংকা বৃদ্ধি পায়।  প্ৰচেছড ফুড আৰু জাংক ফুড সেৱন এই ৰোগৰ অন্যতম কাৰক হ’ব পাৰে। কাৰণ এনে খাদ্যই পেটত চৰ্বি জমা হোৱাত সহায় কৰে। যদি যুৱক-যুৱতীসকলে প্ৰতিদিনে অন্তত ৩০ মিনিট ব্যায়াম কৰে , ফাইবাৰ যুক্ত আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰে, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।

মানসিক স্বাস্থ্যত প্ৰভাৱ

বহু গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে ফেটি লিভাৰে মাত্ৰ শৰীৰতে নহয়, ই মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে। যেতিয়া যকৃত দুৰ্বল হয় তেতিয়া ইয়াৰ প্ৰভাৱ মস্তিষ্কত পৰে। ইয়াৰ ফলত ৰোগীৰ স্মৃতিশক্তি হ্ৰাস পোৱা, কোনো এটা বিষয়ত গুৰুত্ব দিয়াত অসুবিধা, মুড পৰিবৰ্তন, টোপনি আদিৰ সমস্যাই দেখা দিব পাৰে। বিশেষজ্ঞসকলে কয় যে, এনে ৰোগৰ পৰা হাত সাৰিবলৈ স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ। গুৰুতৰ হৈ পৰাৰ আগতে ইয়াক চিনাক্ত কৰা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? কেনেকৈ পাব পৰিত্ৰাণ, জানক চিকিৎসকে কি কয়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...