নাভিত জমা হয় নেকি দুৰ্গন্ধযুক্ত মলি? কোনবোৰ ৰোগ হ’ব পাৰে, কি কৰিব জানক….

নাভিত শৰীৰৰ ঘাম, ধূলি, মৃত কোষ, তেল (sebum) আৰু বেক্টেৰিয়া জমা হ’ব পাৰে। ভালদৰে চাফা নকৰিলে তাত বগা মলি জমা হয়। ইয়াৰ গোন্ধ বহুত বেয়া। পৰিষ্কাৰ নকৰিলে সংক্ৰমণৰ আশংকা থাকে। সেয়ে নাভিৰ যত্ন ল'ব লাগে। কেনেকৈ পৰিষ্কাৰ কৰিব?

নাভিত জমা হয় নেকি দুৰ্গন্ধযুক্ত মলি? কোনবোৰ ৰোগ হব পাৰে, কি কৰিব জানক....
Updated On: 

26 Aug 2025 | 01:53 PM

নাভিত শৰীৰৰ ঘাম, ধূলি, মৃত কোষ, তেল (sebum) আৰু বেক্টেৰিয়া জমা হ’ব পাৰে। ভালদৰে চাফা নকৰিলে তাত বগা মলি জমা হয়। ইয়াৰ গোন্ধ বহুত বেয়া। পৰিষ্কাৰ নকৰিলে সংক্ৰমণৰ আশংকা থাকে। সেয়ে নাভিৰ যত্ন ল’ব লাগে। কেনেকৈ পৰিষ্কাৰ কৰিব? নখেৰে বা আন কিবা বস্তুৰে চাফা কৰিবলৈ চেষ্টা কৰাটোও বিপদজনক। ইয়াৰ ফলত সংক্ৰমণৰ আশংকা থাকে। তেন্তে ইয়াৰ সঠিক উপায় কি?

কিয় লেতেৰা হৈ পৰে?

১) ঘাম আৰু ধূলি জমা হোৱা: যিহেতু নাভি গভীৰ, সেয়ে তাত ঘাম আৰু বাহিৰৰ ধূলি জমা হয়। ই মৃত ছালৰ কোষ আৰু বেক্টেৰিয়াৰ লগত মিহলি হৈ লেতেৰা, পিছল আৰু দুৰ্গন্ধময় মলিলৈ পৰিণত হয়।

২) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অৱহেলা: বহুতে গা ধোৱাৰ সময়ত নাভি পৰিষ্কাৰ নকৰে। দিনৰ পিছত দিন এনে গাফিলতিৰ বাবে তাত মলি জমা হয়, যাৰ ফলত দুৰ্গন্ধ বা সংক্ৰমণ হ’ব পাৰে।

৩) অত্যধিক চেবাম নিঃসৰণঃ ছালৰ তেলগ্ৰন্থিৰ দ্বাৰা নিঃসৰণ কৰা চেবাম সঠিকভাৱে মুক্ত কৰিব নোৱাৰিলে নাভিত বগা বা হালধীয়া ৰঙৰ পদাৰ্থ জমা হয়।

৪) ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণঃ নাভিত আৰ্দ্ৰতা থাকিলে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ প্ৰজনন স্থানত পৰিণত হ’ব পাৰে। ইয়াৰ ফলত সংক্ৰমণ, দুৰ্গন্ধ আৰু ভিৰ হ’ব পাৰে।

কি কৰিব?

১) নিয়মীয়াকৈ চাফ-চিকুণ কৰক: প্ৰতিদিনে গা ধোৱাৰ সময়ত কপাহী বা কোমল কাপোৰেৰে অলপ পানীৰে বা পাতল বডি ওৱাছেৰে নাভিৰ ভিতৰখন লাহে লাহে পৰিষ্কাৰ কৰিব পাৰে। বেছি জোৰেৰে ঘঁহিব নালাগে।

২) সম্পূৰ্ণ শুকানকৈ ৰাখক: চাফা কৰাৰ পিছত নাভি ভালদৰে শুকুৱাই লওক। আৰ্দ্ৰ নাভিত বেক্টেৰিয়া সহজে বৃদ্ধি পায়।

৩) ঘৰুৱা উপায়ঃ নাভিত অলপ নাৰিকল তেল বা চাহ গছৰ তেল প্ৰয়োগ কৰিলে এন্টিফাংগেল আৰু এন্টিচেপ্টিক হিচাপে কাম কৰে। অৱশ্যে সংক্ৰমণ হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

৪) দুৰ্গন্ধ থাকিলে সাৱধান হওক: নাভিৰ পৰা যদি স্থায়ী দুৰ্গন্ধ বা তৰল পদাৰ্থ নিৰ্গত হয় তেন্তে ই সংক্ৰমণৰ ইংগিত হ’ব পাৰে। তেনে ক্ষেত্ৰত ইয়াক অৱহেলা নকৰিব আৰু ছালৰ চিকিৎসকৰ ওচৰলৈ যাব।

লগতে পঢ়ক: উচ্চ ৰক্তচাপে বৃদ্ধি কৰে হৃদৰোগৰ আশংকা, চিকিৎসকৰ পৰা জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব