TV9 ASSAM
আমাৰ দেহৰ বাবে অত্যন্ত উপকাৰী, সেয়া সকলোৱে জানো। বহুলোকে ব্ৰেকফাষ্টত বইল কণী খায়। পিছে প্ৰতিদিনে বইল কণী খাব লাগেনে?
ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ খাদ্য কণী। গতিকে প্ৰতিদিনে বইল কণী খালে পুষ্টিৰ অভাৱ পূৰণ হয়।
কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে, যি দেহৰ পেশী গঠনত সহায় কৰে। গতিকে খাদ্য তালিকাত দৈনিক কণী থকাটো উপকাৰী।
কণীত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে, যি হাড় মজবুত কৰাত সহায় কৰে।
কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু কম কেলৰি থাকে, যাৰ ফলত কণী খালে দেহৰ ওজন অতিৰিক্তভাৱে বৃদ্ধি নহয়।
কিছু গৱেষণা মতে কণীয়ে শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আৰু ভাল কলেষ্টেৰল বৃদ্ধিত সহায় কৰে। কিন্তু হাই কলেষ্টেৰলৰ সমস্যা থকাসকলে দৈনিক কণী খালে সমস্যা বাঢ়িব পাৰে।
কণীত লুটিন আৰু জিএক্সান্থিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যি চকুৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে। কিন্তু অতিৰিক্ত কণী খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
প্রতিদিনে ব্লেক কফি খালে কি হয় জানেনে?