ৰে’লপথতে এজনী হাতীয়ে জন্ম দিলে পোৱালি, প্ৰায় দুঘণ্টা বন্ধ কৰি দিয়া হ’ল ৰে’ল চলাচল
ঝাৰখণ্ডৰ বৰককনা আৰু হাজাৰিবাগ ষ্টেচনৰ মাজত ৰে’লপথত ৰৈ আছিল এজনী হাতী। সিফালৰ পৰা আহি আছিল এখন মালবাহী ট্ৰেইন। জানিবপৰা গ’ল যে হাতীজনী গৰ্ভৱতী আছিল আৰু পোৱালি জন্ম দিবলৈ ওলাইছিল। প্ৰসৱ বেদনাত ৰেলপথতে শুই আছিল হাতীজনী। প্ৰায় দুঘণ্টা ধৰি ৰে’লখন ৰখাই থোৱা হয় সেই স্থানত।
পুৱা তেতিয়া ঠিক ৩ মান বাজিছে। ঝাৰখণ্ডৰ বৰককনা আৰু হাজাৰিবাগ ষ্টেচনৰ মাজত ৰে’লপথত ৰৈ আছিল এজনী হাতী। সিফালৰ পৰা আহি আছিল এখন মালবাহী ট্ৰেইন। তেনেতে বনকৰ্মীয়ে ৰে’ল বিভাগৰ বিষয়াক জনালে ৰে’লপথত হাতীজনীৰ উপস্থিতিৰ কথা। মালবাহী ৰে’লখন ৰখাবলৈও অনুৰোধ জনালে বনকৰ্মীয়ে। নিৰ্দিষ্ট দূৰত্বত ৰৈ গ’ল ট্ৰেইনখন।
জানিবপৰা গ’ল যে হাতীজনী গৰ্ভৱতী আছিল আৰু পোৱালি জন্ম দিবলৈ ওলাইছিল। প্ৰসৱ বেদনাত ৰেলপথতে শুই আছিল হাতীজনী। প্ৰায় দুঘণ্টা ধৰি ৰে’লখন ৰখাই থোৱা হয় সেই স্থানত।
কিছু সময়ৰ পাছতে হাতীজনীয়ে সন্তান জন্ম দিলে। পোৱালিটোৰ সৈতে মাকে হাবিত প্ৰৱেশ কৰাৰ পিছতহে ৰে’ল সেৱা স্বাভাৱিক হৈ পৰে। প্ৰায় দুঘণ্টা ধৰি ৰে’ল সেৱা বন্ধ কৰি দিয়া হয় সেই পথত।