শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বজাৰলৈ আহিব নেকি ৫০ টকীয়া মুদ্ৰা? কেন্দ্ৰই কৰিলে স্পষ্ট...

বজাৰলৈ আহিব নেকি ৫০ টকীয়া মুদ্ৰা? কেন্দ্ৰই কৰিলে স্পষ্ট…

barasha-sarma
Barasha Sarma | Published: 10 Jul 2025 18:30 PM

বজাৰলৈ আহিব নেকি ৫০ টকীয়া মুদ্ৰা? বৰ্তমান বজাৰত ১, ২, ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা প্ৰচলিত হৈ আছে যদিও ৫০ টকীয়া মুদ্ৰা নাই। ইয়াৰ উত্তৰ দিলে কেন্দ্ৰই।

বজাৰলৈ আহিব নতুন মুদ্ৰা? কিছুদিন পূৰ্বে বজাৰলৈ আহিছিল ২০ টকীয়া মুদ্ৰা। গতিকে একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছিল যে বজাৰলৈ এতিয়া আহিব নেকি ৫০ টকীয়া মুদ্ৰা। এই চৰ্চাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত স্পষ্টতা প্ৰদান কৰে।

কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ আগত কয় যে ৫০ টকীয়া মুদ্ৰা বৰ্তমান বজাৰত প্ৰৱৰ্তনৰ কোনো পৰিকল্পনা নাই। বৰ্তমান বজাৰত ১, ২, ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা প্ৰচলিত হৈ আছে যদিও ৫০ টকীয়া মুদ্ৰা নাই। উল্লেখ্য যে, দৃষ্টিহীন লোকৰ বাবে ৫০ টকীয়া মুদ্ৰা প্ৰদানৰ দাবী উত্থাপন কৰা হৈছিল। সেই আবেদনৰ উত্তৰত চৰকাৰে এই কথা কয়।

চৰকাৰে আদালতত জনোৱা মতে, ২০২২ চনত ৰিজাৰ্ভ বেংকে এক সমীক্ষা চলাইছিল, য’ত প্ৰকাশ পাইছিল যে মানুহে ১০ আৰু ২০ টকীয়া মুদ্ৰাতকৈ নোট বেছিকৈ পছন্দ কৰে। ইয়াৰোপৰি  মুদ্ৰাৰ গধুৰ ওজন আৰু বৃহৎ আকাৰৰ বাবে মানুহৰ মাজত অশান্তিৰ সৃষ্টি হয়। এই কাৰণতে এই মুহূৰ্তত চৰকাৰে ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা নাই।

চৰকাৰে কয় যে যিকোনো মূল্যৰ মুদ্ৰা প্ৰৱৰ্তন কৰাৰ আগতে বহু কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যেনে- মানুহে ইয়াক গ্ৰহণ কৰিবলৈ সাজু হৈছে নে নাই, দৈনন্দিন লেনদেনত উপযোগী হ’ব নে নাই ইত্যাদি।

আৱেদনখনত কোৱা হৈছে যে অধিকাংশ নোট এনেদৰে ডিজাইন কৰা হৈছে যাতে দৃষ্টিশক্তিহীন লোকে চিনি পাব পাৰে, কিন্তু ৫০ টকীয়া নোটখনত তেনে কোনো বৈশিষ্ট্য নাই। সেইবাবেই আবেদনকাৰীসকলে ৫০ টকীয়া মুদ্ৰা এটা প্ৰৱৰ্তনৰ দাবী জনাইছিল যাতে দৃষ্টিহীন লোকেও সহজে চিনি পায়।

চৰকাৰে আদালতত কয় যে ৰিজাৰ্ভ বেংকে MANI নামৰ এটা মোবাইল এপ তৈয়াৰ কৰিছে, যাৰ সহায়ত দৃষ্টিহীন লোকে নোটৰ মূল্য চিনি পাব পাৰে। এই এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নোটত লিখা মূল্যৰ পৰিমাণ শুনিব পাৰিব। এইদৰে চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমান সময়ত ৫০ টকীয়া মুদ্ৰা প্ৰৱৰ্তনৰ প্ৰয়োজন নাই।