বিয়াৰ পাছত কিয় ওজন বাঢ়ে? জানক ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়…
আজিকালি বহুতে মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। বিশেষকৈ বিয়াৰ পাছত বহু স্বামী-স্ত্ৰীয়ে মেদবহুলতাৰ সমস্যাত ভোগে। গতিকে ইয়াৰ পৰা হাত সৰাৰ উপায় জনা দৰকাৰ।

স্বামী-স্ত্ৰী
আজিকালি প্ৰায়ভাগ মানুহে মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। বিশেষকৈ ভাৰতত ওজন বৃদ্ধিৰ সমস্যা অধিক। তথ্য অনুসৰি বিয়াৰ পিছত এই সমস্যা বাঢ়ি যায়। প্ৰতিবেদনত পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰতি চাৰি দম্পতীৰ ভিতৰত এহাল মেদবহুল। কেৱল স্বামী বা পত্নীৰ ক্ষেত্ৰতে নহয়, দুয়োৰে ওজন বঢ়া দেখা যায়। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (ICMR)ৰ তথ্য অনুসৰি দেশৰ প্ৰতি চাৰিগৰাকী স্বামী-স্ত্ৰীৰ ভিতৰত এগৰাকীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজি আছে। ফলত দৈনন্দিন জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।
মেদবহুলতা প্ৰায়ে বংশগতভাৱে হয়। কিন্তু বিয়াৰ পিছত যদি ঘটে তেন্তে ইয়াক জিনীয় কাৰণ বুলি ক’ব নোৱাৰি। ওজন বৃদ্ধিৰ ফলত শৰীৰৰ তলৰ অংশত অধিক চাপ পৰে। ইয়াৰ ফলত আঁঠু আৰু কঁকালৰ সমস্যাও হ’ব পাৰে।আনকি আত্মবিশ্বাস কমাও দেখা যায়।
আইচিএমআৰৰ তথ্য অনুসৰি বিয়াৰ পিছত ওজন বৃদ্ধি স্বাভাৱিক হৈ পৰিছে। ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে দৈনন্দিন জীৱনৰ পৰিৱৰ্তন। বেছিভাগ ক্ষেত্ৰতে স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ জীৱনশৈলীৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰে। তেওঁলোকৰ দীৰ্ঘদিনীয়া অভ্যাসৰ পৰিৱৰ্তন ঘটে।
ইয়াৰোপৰি বাহিৰৰ খাদ্যৰ পৰিমাণ বাঢ়ি যোৱা, গভীৰ নিশা খাদ্য গ্ৰহণ, অতিৰিক্ত কেলৰিযুক্ত খাদ্য, মিঠাই খোৱা আদি মেদবহুলতাৰ অন্যতম কাৰণ। বিয়াৰ পিছত স্বামী-স্ত্ৰীসকলে প্ৰথম অৱস্থাত বিভিন্ন সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ইয়াৰোপৰি শাৰীৰিক কাৰ্যকলাপ কমি যায়। তথ্য অনুসৰি আৰ্থিকভাৱে সুখী দম্পতীৰ মাজত এই সমস্যা বেছিকৈ দেখা যায়। ইয়াৰ এটা কাৰণ হ’ল তেওঁলোকৰ জীৱনশৈলীত কম শাৰীৰিক পৰিশ্ৰম আৰু অতিৰিক্ত কেলৰিযুক্ত খাদ্য অন্তৰ্ভুক্ত।
এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
- খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰক। ঘৰতে ৰন্ধা খাদ্য খাবলৈ চেষ্টা কৰক। জাংক ফুড পৰিহাৰ কৰক।
- যিমানেই ব্যস্ত নহওক কিয়, ব্যায়াম কৰক।
- প্ৰতিদিনে খোজ কঢ়া দৰকাৰ।
- নিয়ম অনুসৰি খাবলৈ চেষ্টা কৰক।
- মাজনিশা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক।
- খোৱাৰ এটা সময় নিৰ্ধাৰণ কৰক।
- পৰ্যাপ্ত টোপনি প্ৰয়োজন।
- নিয়মীয়াকৈ চেক আপ কৰিবলৈ নাপাহৰিব।
- নিয়মিতভাৱে বিএমআই (বডি মাছ ইনডেক্স) প্ৰতিবেদনত চকু ৰাখক।
অন্য খবৰ পঢ়কঃ পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…