শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰষুণত বিয়পে চকুৰ এইসমূহ ৰোগ! চিকিৎসকৰ পৰা জানক কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…

বাৰিষা কালত চকুৰ ৰোগকে ধৰি ৰোগ দ্ৰুতগতিত বিয়পি পৰে। কনজাংটিভাইটিছ, আচিনা আদি ৰোগবোৰ বৰষুণত কিয় বেছিকৈ বিয়পে? কেনেধৰণৰ সাৱধানতা লৈ চকুক সুস্থ কৰি ৰাখিব পাৰি, চকুৰ চিকিৎসকৰ পৰামৰ্শ জানো আহক।

বৰষুণত বিয়পে চকুৰ এইসমূহ ৰোগ! চিকিৎসকৰ পৰা জানক কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায়…
চকুৰ যত্ন
trishna-kalita
Trishna Kalita | Published: 16 Jul 2025 06:37 AM

বাৰিষাই গৰমৰ পৰা সকাহ দিয়াৰ বিপৰীতে এই সময়ত আৰ্দ্ৰতা, লেতেৰা আৰু বেক্টেৰিয়া-ভাইৰাছ বৃদ্ধি পোৱাৰ বাবে চকুৰ বহু ৰোগৰ আশংকাও বৃদ্ধি পায়। বিশেষকৈ কনজাংটিভাইটিছ (চকুৰ সংক্ৰমণ), ষ্টাই (আচিনা), চকু শুকান আৰু এলাৰ্জী আদি সমস্যা এই বতৰত সাধাৰণ হৈ পৰে। এই সংক্ৰমণৰ কাৰণ হ’ব পাৰে লেতেৰা হাতেৰে চকু স্পৰ্শ কৰা, চকুত বৰষুণৰ পানী প্ৰৱেশ কৰা বা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ইত্যাদি। সেয়ে বাৰিষাত চকুৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

বাৰিষাত বৰষুণৰ পিছত যেতিয়া সূৰ্যৰ উত্তাপত বায়ুমণ্ডলত আৰ্দ্ৰতা বাঢ়ি যায়। আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভাইৰাছ আৰু বেক্টেৰিয়াৰ দ্ৰুত বৃদ্ধিৰ বাবে এক নিখুঁত পৰিৱেশৰ সৃষ্টি হয়। তাৰ পিছত এই বতৰত চকুৰ লগত জড়িত বহুতো সমস্যা দ্ৰুতগতিত বিয়পি পৰে। বৰষুণত ভাইৰাছ আৰু বেক্টেৰিয়া বায়ু আৰু পানীৰ যোগেদি দ্ৰুতগতিত বিয়পে, যাৰ বাবে চকুত বিষ, ৰঙা পৰা, খজুৱতি আৰু ফুলা আদি সমস্যা সাধাৰণতে দেখা যায়।

এই বতৰত কিয় চকুৰ ৰোগ বিয়পে?

দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ৰ চকু বিভাগৰ ডাঃ এ কে গ্ৰ’ভাৰে বুজাই দিছে যে বৰষুণত চকুৰ ৰোগ বিয়পি পৰাৰ এটা প্ৰধান কাৰণ হ’ল লেতেৰা হাতেৰে চকু স্পৰ্শ কৰা বা সংক্ৰমিত পানীৰ সংস্পৰ্শ। ইয়াৰ বাহিৰেও বাৰিষাত আৰ্দ্ৰতা আৰু গৰমৰ বাবে চকুত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। বহু সময়ত কাৰ্যালয়, বিদ্যালয় বা ৰাজহুৱা পৰিবহণত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ বাবেও কনজাংটিভাইটিছৰ দৰে সংক্ৰমণ বিয়পি পৰে।

বৰষুণত হোৱা চকুৰ ৰোগ কি কি?

১)কনজাংটিভাইটিছ  (Conjunctivitis)  চকুৰ সংক্ৰমণ

বাৰিষাত এই সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰে। ইয়াক চকুৰ ফ্লু বুলিও কোৱা হয়। ই ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ যিয়ে চকুৰ বাহিৰৰ তৰপ (conjunctiva) প্ৰভাৱিত কৰে।

লক্ষণঃ চকু ৰঙা, চকুত পানী বা আঠা লগা, খজুৱতি আৰু জ্বলা, বিশেষকৈ ৰাতিপুৱা চকুৰ পতা আঠা লাগি ধৰা।

২) ষ্টাই (Stye) বা আচিনা

চকুৰ পতাত সৰু ফুলা বা পিম্পল হ’লে ষ্টাই বোলা হয়। ই বেক্টেৰিয়াৰ দ্বাৰা হয় আৰু লেতেৰা হাতেৰে চকু স্পৰ্শ কৰিলে বিয়পিব পাৰে।

লক্ষণঃ চকুৰ পতাত বিষ হোৱা পিম্পল, ফুলা আৰু ৰঙা পৰা, চকুৰ পতাত গধুৰ হোৱা।

৩) ড্ৰাই আই চিনড্ৰম  (Dry Eye Syndrome)

অনবৰতে স্ক্ৰীণ চোৱা আৰু বাৰিষা আৰ্দ্ৰতাৰ বাবে চকু শুকান হোৱাৰ সমস্যাও বৃদ্ধি পাব পাৰে।

লক্ষণঃ চকু শুকান হোৱা, বিন্ধা বা বালিৰ দৰে অনুভৱ হোৱা, চকু জ্বলা আৰু ভাগৰুৱা হোৱা।

৪) এলাৰ্জিক কনজাংটিভাইটিছ (Allergic Conjunctivitis)

বাৰিষাৰ সময়ত পৰেগ, ধূলি বা ভেঁকুৰৰ সংক্ৰমণৰ বাবে কিছুমান লোকৰ এলাৰ্জী হয়।

লক্ষণঃ চকুত তীব্ৰ খজুৱতি, ৰঙা পৰা, পানী ওলোৱা, বাৰে বাৰে চকু ঘঁহিবলৈ ইচ্ছা যোৱা।

এইদৰে চকু সুৰক্ষিত কৰক

– লেতেৰা হাতেৰে চকু চুব নালাগে। বাহিৰৰ পৰা অহাৰ পিছত হাত ধুব।

– আনৰ চকুৰ ঔষধ, ৰুমাল বা টাৱেল ব্যৱহাৰ নকৰিব।

– চকুত বৰষুণৰ পানী সোমালে লগে লগে পৰিষ্কাৰ পানীৰে ধুব লাগে।

– কনটেক্ট লেন্স পিন্ধা লোকসকলে এই বতৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে।

– চকুত বিষ বা ৰঙা পৰা হ’লে নিজৰ চিকিৎসা নকৰিব, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব।

লগতে পঢক: বেচন লগালে সঁচাকৈয়ে ছালৰ ক’লা দাগ পৰিষ্কাৰ হয়নে? সত্যতা জানক …