Papaya: হ’ব সৰ্বনাশ! এইসকল লোকে ভুলতো নাখাব অমিতা, জানক সকলো…

Papaya: অমিতা এবিধ পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। কিন্তু সকলোৰে বাবে ই ভাল নহয়। কিছুমান সমস্যা থকা লোকে অমিতা খোৱাৰ পৰা বিৰত থাকিব লাগে।

Papaya: হব সৰ্বনাশ! এইসকল লোকে ভুলতো নাখাব অমিতা, জানক সকলো...

অমিতা

Published: 

19 Nov 2025 | 04:24 PM

অমিতাক স্বাস্থ্যৰ বাবে অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। অমিতাত ভিটামিন এ, ভিটামিন চি, পটেছিয়াম, পপেন নামৰ বিভিন্ন উপাদান থাকে, যিয়ে প্ৰ’টিন হজম কৰাত সহায় কৰে। অমিতা খালে শক্তি বাঢ়ে, ইয়াৰোপৰি ই ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও উপকাৰী। বহুতে কেঁচা বা সব্জী বনাই অমিতা খোৱা দেখা যায়।

পিছে সকলোৰে বাবে অমিতা ভাল নহয়। কিছুমান মানুহে অমিতা খাব নালাগে। গতিকে কাৰ বাবে অমিতা বেয়া, সেই সন্দৰ্ভত তলত সবিশেষ উল্লেখ কৰা হ’ল-

গৰ্ভৱতী মহিলাঃ আধা পকা বা কেঁচা অমিতা গৰ্ভৱতী মহিলাই খাব নালাগে। ইয়াত লেটেক্স আৰু পপেন থাকে। যিয়ে জৰায়ু সংকুচিত কৰিব পাৰে আৰু সময়ৰ পূৰ্বে ডেলিভাৰী হোৱা আশংকা বৃদ্ধি কৰে। সুৰক্ষিত গৰ্ভাৱস্থাৰ বাবে অমিতা খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

অনিয়মিত হৃদস্পন্দনঃ অমিতাত কিছুমান এনে উপাদান যি অনিয়মিত হৃদস্পন্দন থকা লোকসকলৰ বাবে ভাল নহয়। যদি আপোনাৰ হৃদস্পন্দন সাধাৰণ নহয় তেতিয়া অমিতা খোৱাৰ ফলত সাৱধান হ’ব লাগে।

লেটেক্স এনাৰ্জিঃ যদি আপোনাৰ লেটেক্স এলাৰ্জি আছে তেন্তে অমিতা খাব নালাগে। ইয়াৰ ফলত হাঁচি, চকুৰ পৰা পানী ওলোৱা,ছালত খজুৱতি, উশাহত অসুবিধা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বৃক্কত পাথৰঃ অমিতাত ভিটামিন চি বেছিকৈ থাকে। যি পাথৰ বৃদ্ধি কৰিব পাৰে। এনে স্থলত বৃক্কত পাথৰ থকাসকলে অমিতা খাব নালাগে বা সীমিত পৰিমাণাত খাব লাগে।

পেটৰ সমস্যাঃ অমিতাত ফাইবাৰ আৰু পপেন থাকে। যাৰ ফলত পেটত জলা-পোৰা, এচিডিটি, আলচাৰ আদি হ’ব পাৰে। গতিকে পেটৰ সমস্যা থকাসকলে খাব নালাগে।

উল্লেখ কৰা প্ৰয়োজন যে, অমিতা এবিধ পুষ্টিকৰ ফল। ইয়াৰ বহু ভাল গুণ আছে। কিন্তু আপোনাৰ যদি কিবা ৰোগ আছে তেন্তে অমিতা খোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃখাদ্য গ্ৰহণৰ পাছত গৰম পানী খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...