নখৰ বগা দাগে কিডনী বা হৃদৰোগৰ ইংগিত দিয়ে নেকি ?

ইয়াৰ ৰং সলনি হোৱা, হঠাতে ই নাইকীয়া হোৱাটো ৰোগৰ লক্ষণ হ'ব পাৰে। কোৱা হয় যে, লুনুলাই বৃক্ক বা হৃদযন্ত্ৰৰ সমস্যা, ৰক্তহীনতা, জণ্ডিচ আদি ৰোগৰ ইংগিত দিব পাৰে।

নখৰ বগা দাগে কিডনী বা হৃদৰোগৰ ইংগিত দিয়ে নেকি ?
Updated On: 

07 Nov 2025 15:54 PM

বহুতৰে নখত বগা দাগ থাকে, যিটো অৰ্দ্ধচন্দ্ৰ আকৃতিৰ হয়। এই দাগ বেছকৈ বুঢ়া আঙুলিৰ নখত দেখা যায়। ইয়াক লুনুলা বুলি কোৱা হয় । বিশ্বাস কৰা হয়, এই লুনুলাই শৰীৰৰ বিভিন্ন জটিল ৰোগৰ ইংগিত দিব পাৰে। কোৱা হয় যে, লুনুলাৰ ৰং সলনি হোৱা, হঠাতে ই নাইকীয়া হোৱাটো ৰোগৰ লক্ষণ হ’ব পাৰে। কোৱা হয় যে, লুনুলাই বৃক্ক বা হৃদযন্ত্ৰৰ সমস্যা, ৰক্তহীনতা, জণ্ডিচ আদি ৰোগৰ ইংগিত দিব পাৰে।

কেতিয়া ই ৰোগৰ ইংগিত দিব পাৰে?

গৱেষণাত দেখা গৈছে যে, কেতিয়াবা এই বগা দাগ নাইকীয়া হৈ যাব পাৰে। কোৱা হৈছে যে,থাইৰয়ড বা দীৰ্ঘদিনীয়া বৃক্কৰ সমস্যাৰ ক্ষেত্ৰত এনে হ’ব পাৰে। কিন্তু সকলোৰে ক্ষেত্ৰত এনে নহ’বও পাৰে।

একেদৰে যদি কম প্ৰটিনযুক্ত খাদ্য সেৱন কৰে, তেতিয়া শৰীৰত ভিটামিন বি ১২ ৰ মাত্ৰা হ্ৰাস পাব পাৰে। তেতিয়া নখৰ এই বগা দাগ বা লুনুলা নাইকীয়া হ’ব পাৰে।

তেজৰ যোগান কমি গ’লেও নখৰ এই অংশটো বলিৰেখাযুক্ত যেন লাগিব পাৰে। যদি নখৰ তলৰ অংশ নীলা বা বেঙুনীয়া হৈ পৰে তেন্তে বুজিব লাগে যে তেজৰ যোগানৰ সমস্যা হৈছে। এই ৰঙে হৃদৰোগৰ ইংগিত দিয়ে।

কাৰোবাৰ নখত যদি লুনুলা ডাঙৰ দেখা যায়, তেন্তে ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপৰ ইংগিত পোৱা যায়। আকৌ যদি হালধীয়া দেখা যায় তেন্তে জণ্ডিচৰ দৰে ৰোগৰ ইংগিত দিব পাৰে।

কিডনীৰ ৰোগ আছে নে হৃদযন্ত্ৰৰ সমস্যা হৈছে সেয়া চিকিৎসকেহে ক’ব পাৰিব। নিৰ্দিষ্ট পৰীক্ষাৰ জৰিয়তে এই কথা নিশ্চিত কৰা সম্ভৱ। কিন্তু যদি লুনুলাৰ ৰং সলনি হয় বা হঠাতে নাইকিয়া হয় তেন্তে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। গতিকে ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

তুলসীৰ ওচৰত কেতিয়াও ৰোপণ নকৰিব এইসমূহ উদ্ভিদ, অন্যথা জীৱনত পৰিব পাৰে কুপ্ৰভাৱ
ভাতৰ লগত পানী খোৱাটো ভাল নে বেয়া? স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কি? জানক
চকুৰ দৃষ্টি শক্তি বঢ়োৱাত উপকাৰী মাছ, জানক মাছৰ উপকাৰী গুণ
হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ধনিয়া পাতে, জানক কি কি উপকাৰীতা আছে ধনিয়া...