শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উচ্চ ৰক্তচাপ থকা লোকৰ বাবে বিপজ্জনক হ’ব পাৰে নেকি আদা দিয়া চাহ! চাওক গৱেষণাই কি কয়

আদা দিয়া চাহকাপৰ অসংখ্য উপকাৰ আছে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰ গৰম কৰি ৰখাতো সহায় কৰে এই আদা দিয়া চাহকাপে। পিছে আদা খালে বা চাহত আদা দি খালে সকলো লোক লাভৱান হয়নে? উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্ৰত আদা দিয়া চাহকাপে সহায় কৰিব নে ক্ষতি কৰিব? এই বিষয়ে বিতংভাৱে জানো আহক।

উচ্চ ৰক্তচাপ থকা লোকৰ বাবে বিপজ্জনক হ’ব পাৰে নেকি আদা দিয়া চাহ! চাওক গৱেষণাই কি কয়
আদা দিয়া চাহ বিপজ্জনক নেকি আদা দিয়া চাহ!Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 07 Nov 2025 15:06 PM

অধিক সংখ্যক লোকৰে সাধাৰণতে চাহ প্ৰিয়। হাতৰ চাহকাপত চুমুক দিয়াৰ লগে লগে যেন দূৰ হয় মনৰ সকলো অৱসাদ। গৰমেই হওক বা ঠাণ্ডাই হওক বা বৰষুণৰ বতৰতে হওক, চাহকাপ হাতত পৰিলে লাভ কৰা যায় এক সুখকৰ অনুভূতি। শীতকালত সাধাৰণতে আদা দিয়া চাহ একাপ পালে অধিক সুখকৰ হৈ পৰে স্বাদ। এই আদা দিয়া চাহকাপৰ অসংখ্য উপকাৰ আছে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰ গৰম কৰি ৰখাতো সহায় কৰে এই আদা দিয়া চাহকাপে।

পিছে আদা খালে বা চাহত আদা দি খালে সকলো লোক লাভৱান হয়নে? উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্ৰত আদা দিয়া চাহকাপে সহায় কৰিব নে ক্ষতি কৰিব? এই বিষয়ে বিতংভাৱে জানো আহক। উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰত আদাৰ উপকাৰিতা আৰু ক্ষতি সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছিল। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এই গৱেষণাত ১৮ বছৰৰ ওপৰৰ প্ৰায় ৫,০০০ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।

এই লোকসকলক দুটা ভাগত ভাগ কৰা হৈছিল- এটা ভাগত অন্তৰ্ভুক্ত লোকসকলে যিকোনো ৰূপত আদা সেৱন কৰিছিল আৰু আনটো ভাগে আদা একেবাৰে সেৱন কৰা নাছিল। দুয়োটা গোটকে কেইদিনমান নিৰীক্ষণ কৰা হৈছিল আৰু তেওঁলোকৰ ৰক্তচাপ দৈনিক পৰীক্ষা কৰা হৈছিল।

গৱেষণাত ওলাল এনে ফলাফল

গৱেষণাৰ ফলাফলত দেখা গৈছে যে যিসকলে যিকোনো ৰূপত আদা সেৱন কৰিছিল তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা ৮.৪% কম। এই গৱেষণাত আদাৰ মাত্ৰাও মূল্যায়ন কৰা হয় আৰু দেখা গ’ল যে যিসকলে প্ৰতিদিনে ৪ গ্ৰামতকৈ কম আদা সেৱন কৰে, তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা আদা সেৱন নকৰাসকলৰ তুলনাত কম।

গৱেষকসকলৰ মতে আদাত থকা যৌগবোৰে শৰীৰত প্ৰদাহ নিবাৰণকাৰী প্ৰভাৱ পেলায়, অৰ্থাৎ প্ৰদাহ কমায় আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে। গৱেষণাৰ পৰা স্পষ্টকৈ দেখা গৈছে যে দৈনিক আদা সেৱন কৰিলে ৰক্তচাপ কম হয় আৰু প্ৰাপ্তবয়স্কৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস পায়।

বিশেষজ্ঞসকলে কি কয়

দিল্লী চৰকাৰৰ মুখ্য আয়ুৰ্বেদিক বিষয়া ড° আৰ পি পৰাশৰে এই সন্দৰ্ভত কয় যে আয়ুৰ্বেদতো আদাক অতি উপকাৰী হিচাপে গণ্য কৰা হয়। ই শৰীৰক বহু দিশত উপকাৰ কৰে। ই ষ্ট্ৰেছ হৰম’ন হ্ৰাস কৰে আৰু লগতে তেজ পাতল কৰাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায়, ৰক্তচাপ হ্ৰাস কৰাত এয়া অতি উপকাৰী।

অৱশ্যে আদা সদায় পৰিমিতভাৱে সেৱন কৰিব লাগে। দিনত এবাৰতকৈ বেছি আদা কেতিয়াও নাখাব, কিয়নো অত্যধিক আদা সেৱনে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আদা পৰিমিত পৰিমাণে সেৱন কৰিলে উপকাৰী বিবেচিত হয়। কিন্তু ব্লাড থিনাৰ সেৱন কৰা বা নিম্ন ৰক্তচাপ থকা লোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে সেৱন কৰিব লাগে।