শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ওজন নিয়ন্ত্ৰণৰ বাবে খাদ্যৰ ওপৰত কিয় বেছি গুৰুত্ব দিব লাগে? জানক

শৰীৰটোক ফিট আৰু শক্তিশালী কৰি ৰাখিবলৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়, কিন্তু যদি ইয়াৰ লগত সঠিক খাদ্যাভ্যাস নাথাকে, তেন্তে আপুনি কোনো সুফল নাপাব। সেয়ে ওজন কমাবলৈ ব্যায়ামৰ লগতে স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। ইয়াৰ কাৰণ জানক।

ওজন নিয়ন্ত্ৰণৰ বাবে খাদ্যৰ ওপৰত কিয় বেছি গুৰুত্ব দিব লাগে? জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 09 Aug 2025 20:40 PM

বহুতে ওজন কমাবলৈ কেৱল ব্যায়ামৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কেৱল ব্যায়ামৰ জৰিয়তে ওজন নিয়ন্ত্ৰণ কৰাটো সম্ভৱনে? ব্যায়াম কৰিলে শৰীৰ সক্ৰিয় হৈ থাকে আৰু চৰ্বি জ্বলোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব পাৰে, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিয়ালৈকে ওজন নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে, কেৱল ৱৰ্কআউটৰ ওপৰত নিৰ্ভৰ কৰিলে ওজন কমোৱাত সীমিত সংখ্যকহে সফল হোৱা দেখা গৈছে।

শৰীৰটোক ফিট আৰু শক্তিশালী কৰি ৰাখিবলৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়, কিন্তু যদি ইয়াৰ লগত সঠিক খাদ্যাভ্যাস নাথাকে, তেন্তে আপুনি কোনো সুফল নাপাব। সেয়ে ওজন কমাবলৈ ব্যায়ামৰ লগতে স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।

ওজন হ্ৰাস কৰাৰ কথা কওঁতে প্ৰথমে আমাৰ মনলৈ আহে ব্যায়াম। কিন্তু বাস্তৱ কথাটো হ’ল কেৱল ব্যায়ামৰ দ্বাৰা ওজন কমাব নোৱাৰি। শৰীৰৰ ওজন বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল অধিক কেলৰি গ্ৰহণ আৰু কম খৰচ। ব্যায়াম কৰিলে আমি কিছু পৰিমাণে কেলৰি বাৰ্ন কৰিব পাৰোঁ, কিন্তু যদি আমি খাদ্যৰ জৰিয়তে অধিক কেলৰি গ্ৰহণ কৰা যায়, তেন্তে ওজন হ্ৰাস কৰাৰ পৰিৱৰ্তে ওজন বৃদ্ধি হ’ব পাৰে।

উদাহৰণস্বৰূপে, এঘণ্টা জগিং কৰিলে অতিৰিক্ত কেলৰি জ্বলি যায়, কিন্তু যদি আপুনি পিছত উচ্চ কেলৰিযুক্ত খাদ্য বা ফাষ্ট ফুড খায়, তেন্তে সেই প্ৰচেষ্টাৰ কোনো কামত নাহে। গতিকে ওজন কমাবলৈ কেৱল ব্যায়াম নহয়, জীৱনশৈলীত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয়।

ব্যায়ামৰ লগতে খাদ্যও প্ৰয়োজনীয়

মহামাৰী বিশেষজ্ঞ ডাঃ জনে কয় যে, ওজন কমাবলৈ খাদ্য আৰু ব্যায়াম দুয়োটাৰে প্ৰয়োজন। ব্যায়ামে পেশীসমূহক ফিট কৰে, বিপাকীয় ক্ৰিয়া উন্নত কৰে আৰু শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। কিন্তু খাদ্যই শৰীৰত কেলৰি গ্ৰহণ নিয়ন্ত্ৰণ কৰা মূল কাৰক। যদি আপুনি স্বাস্থ্যসন্মত খাদ্য যেনে-কম চৰ্বি, কম চুগাৰ, উচ্চ আঁহ, প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু হাইড্ৰেচন পালন কৰে তেন্তে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে আৰু চৰ্বি জমা হোৱাৰ পৰা ৰক্ষা পৰে। আনহাতে, যদি আপুনি ভাবে যে, যিহেতু আপুনি ব্যায়াম কৰিছে, গতিকে আপুনি যি বিচাৰে খাব পাৰে, তেন্তে এই চিন্তাধাৰা ভুল।

ওজন কমাবলৈ দৈনিক গ্ৰহণ কৰা কেলৰি খৰচ কৰা কেলৰিতকৈ কম হ’ব লাগে। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্যাভ্যাস, সময়মতে খাদ্য খোৱা, জাংক ফুড পৰিহাৰ কৰা আৰু সুষম আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। মনত ৰাখিব, ৭০% ওজন কমি যায় খাদ্যৰ পৰা আৰু ৩০% ব্যায়ামৰ পৰা।

ওজন নিয়ন্ত্ৰণ কৰিবলৈ এইকেইটা কথাৰ ওপৰত গুৰুত্ব দিয়ক

  • প্ৰতিদিনে নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰক।
  • প্ৰচেছড আৰু জাংক ফুড পৰিহাৰ কৰক।
  • সেউজীয়া শাক-পাচলি, ফল-মূল আৰু আঁহযুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।
  • চুগাৰ আৰু তেলীয়া খাদ্যৰ পৰিমাণ হ্ৰাস কৰক।
  • ব্যায়ামৰ পিছত প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে।
  • পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।
  • প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু ডিহাইড্ৰেচনৰ পৰা বিৰত থাকিব লাগে।

লগতে পঢ়ক: ডাকঘৰৰ জৰিয়তে প্ৰতি বছৰে উপাৰ্জন কৰিব পাৰিব ৭৪০০০ টকা, এই সুবিধাৰ সবিশেষ জানক….