Walk: ১ কিলো চৰ্বি হ্ৰাস কৰিবলৈ প্ৰতিদিনে কিমান খোজ কাঢ়িব লাগে? জানক বিশেষজ্ঞৰ পৰা…

Weight Loss Tips: আজিকালি বহু মানুহে ওজন বৃদ্ধিৰ সমস্যাত ভুগিছে। কিন্তু আপুনি জানেনে, খোজ কাঢ়িলে আপোনাৰ চৰ্বি হ্ৰাস হ'ব পাৰে। গতিকে প্ৰশ্ন হয়, ১ কিলো চৰ্বি হ্ৰাস কৰিব লাগিলে দৈনিক কিমান সময় খোজ কাঢ়িব লাগিব?

Walk: ১ কিলো চৰ্বি হ্ৰাস কৰিবলৈ প্ৰতিদিনে কিমান খোজ কাঢ়িব লাগে? জানক বিশেষজ্ঞৰ পৰা...

খোজকঢ়া

Published: 

23 Dec 2025 | 04:05 PM

বৰ্তমান সময়ত ওজন বৃদ্ধি(Weight gain) এক ডাঙৰ সমস্যা হৈ পৰিছে। প্ৰায় বহু লোকে এই সমস্যাত ভোগা দেখা যায়। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ মানুহে জিম যায়, ডায়েট কৰে বা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু আপুনি জানেনে, বহুত বেছি কষ্ট নকৰাকৈও আপুনি আপোনাৰ চৰ্বি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। এই ক্ষেত্ৰত আপোনাক খোজ কঢ়া (Walking)ই সহায় কৰিব পাৰে। বহু মানুহে চৰ্বি কমাবলৈ খোজ কঢ়া দেখা যায়। গতিকে আপুনি যদি সঠিক পদ্ধতিৰে নিয়মীয়াকৈ খোজ কাঢ়ে তেন্তে ইয়াৰ ফল দেখা পাব।

পিছে প্ৰশ্ন হয়, চৰ্বি কম কৰিবলৈ দৈনিক কিমান সময় খোজ কাঢ়িব লাগে? এই সন্দৰ্ভত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৱেট লছ এক্সপাৰ্ট (Weight Loss Expert) অঞ্জলি সচানে। তেওঁ কৈছে যে ১ কিলো চৰ্বি হ্ৰাস কৰিবলৈ দৈনিক কিমান সময় খোজ কাঢ়িব লাগে।

১ কিলো চৰ্বিত কিমান কেলৰি থাকে

বিশেষজ্ঞ অঞ্জলিয়ে কয় যে, ১ কিলো চৰ্বিত কমেও ৭,৭০০ কেলৰি থাকে। এটা কথা মনত ৰখা দৰকাৰ যে, চৰ্বি কমাবলৈ সময়ৰ প্ৰয়োজন হয়,কিয়নো চৰ্বি শৰীৰত জমা কৰা শক্তি। কিন্তু ভাল কথা এয়াই যে, যেতিয়া শৰীৰত চৰ্বি এবাৰ ফাটে তেন্তে এই সমস্যা দীৰ্ঘদিনৰ বাবে নোহোৱা হয়।

দৌৰিলে কিমান কেলৰি নষ্ট হয়

আমি যেতিয়া খোজ কাঢ়ো তেতিয়া শৰীৰে প্ৰতিটো খোজত শক্তি খৰচ কৰে। যিয়ে পেশীবোৰক গতিশীল কৰাত, ভাৰসাম্য ৰক্ষা কৰাত আৰু আমাৰ হৃদস্পন্দন বৃদ্ধি কৰাত সহায় কৰে। বিশেষজ্ঞগৰাকীৰ মতে, ১০০০ খোজ কাঢ়িলে প্ৰায় ৫০ ৰ পৰা ৭০ কেলৰি ৱাৰ্ণ হয়। যদি কেলৰি আমি ৬০ কেলৰি হিচাপেৰে ধৰো তেন্তে ১ কিলো কেলৰি নষ্ট হ’বলৈ আমি ১,২৮,০০০ ৰ পৰা ১,৫০,০০০ খোজ কাঢ়িব লাগিব।

কিমান দিন

যদি প্ৰতিদিনে ১০,০০০ ৰ পৰা ১২,০০০ খোজ কঢ়া হয় তেন্তে ১০-১২ দিনত ১ কিলো চৰ্বি হ্ৰাস কৰিব পৰা যায়। বিশেষ কথা এয়াই যে, এই হিচাপ ডায়েট অবিহনে, অন্য ব্যায়াম অবিহনে কৰা হৈছে।

লাভ

বিশেষজ্ঞগৰাকীয়ে কয় যে, খোজ কঢ়া অভ্যাসে লাহে লাহে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ইয়াৰোপৰি ই শৰীৰৰ আন সমস্যা কম কৰাতো সহায় কৰে। ই মানসিক চাপ কম কৰাত সহায় কৰে। অৱশ্যে আপোনাৰ যদি কোনো বিশেষ ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে পুৱা খোজ কাঢ়িলে কি কি ৰোগ ঠিক হয়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...