Urine Smell: ডায়েবেটিছৰ পৰা বৃক্কলৈ, প্ৰস্ৰাৱে দিয়ে এইসমূহ ৰোগৰ সংকেত! জানক…

Urine Smell: আজিকালি মানুহৰ বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। এই সমস্যাৰ লক্ষণ আমাৰ প্ৰস্ৰাৱত দেখা দিয়ে। গতিকে আমি প্ৰস্ৰাৱৰ জৰিয়তে বহু ৰোগৰ কথা জানিব পাৰো।

Urine Smell: ডায়েবেটিছৰ পৰা বৃক্কলৈ, প্ৰস্ৰাৱে দিয়ে এইসমূহ ৰোগৰ সংকেত! জানক...

প্ৰস্ৰাৱৰ ৰং সলনি

Published: 

10 Oct 2025 | 03:03 PM

আমাৰ স্বাস্থ্যৰ বাবে প্ৰস্ৰাৱ অতি প্ৰয়োজনীয়। শৰীৰৰ বহু সমস্যাৰ ইংগিত আমাক প্ৰস্ৰাৱে দিয়ে। কিন্তু সাধাৰণ বুলি এইবোৰ আওকান কৰা যায়। গতিকে এই লক্ষণবোৰ আওকান নকৰি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে বহু সমস্যাৰ পৰা সকাহ পোৱা যায়।

কিছুমাৰ ৰোগৰ আৰম্ভণিত প্ৰস্ৰাৱত লক্ষণে দেখা দিয়ে। এইসমূহ তলত উল্লেখ কৰা হ’ল-

বাৰে বাৰে প্ৰস্ৰাৱ অহাঃ যদি বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে তেন্তে এয়া ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। অৱশ্যে, কেৱল ব্লাড চুগাৰ বৃদ্ধি হ’লেই নহয়, প্ৰস্ৰাৱ সংক্ৰমণৰ ফলতো বাৰে বাৰে প্ৰস্ৰাৱ আহে। ইয়াৰ লগতে কেফেইন আৰু সুৰা অধিক সেৱন কৰিলে প্ৰস্ৰাৱ আহে।

ৰং পৰিৱৰ্তনঃ প্ৰস্ৰাৱৰ ৰং সলনি বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে। আপোনাৰ প্ৰস্ৰাৱ গাঢ় হালধীয়া হ’লে এয়া ডিহাইড্ৰেশ্যন, যকৃতৰ সমস্যা, জণ্ডিচ, অত্যধিক ঘাম, হাই ভিটানিম বি আদিৰ সংকেত হব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱৰ ৰং সলনি বৃক্কজনিত সমস্যাৰ কাৰণ হ’ব পাৰে।

ফেন অহাঃ যদি আপোনাৰ প্ৰস্ৰাৱত ফেন আহে তেন্তে এয়া বৃক্কৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। যেতিয়া প্ৰস্ৰাৱত প্ৰটিন বাহিৰ হয় তেতিয়া এনে হয়। বেছিকৈ ফেন ওলালে সেয়া সাধাৰণভাৱে ল’ব নালাগে। ইয়াৰোপৰি সংক্ৰমণ, বৃক্কত পাথৰ,ডায়েবেটিছ, হাই ইউৰিক এচিড আদিৰো প্ৰস্ৰাৱত ফেন আহে।

প্ৰস্ৰাৱত তেজঃ যদি প্ৰস্ৰাৱত তেজ আহে তেন্তে সেয়া সাধাৰণভাৱে লোৱা ঠিক নহয়। সংক্ৰমণ বা বৃক্কজনিত সমস্যাৰ বাবে এনে হ’ব পাৰে।

দুৰ্গন্ধঃ কেতিয়াবা প্ৰস্ৰাৱৰ দুৰ্গন্ধ ওলোৱা সাধাৰণ কথা। কিন্তু যদি দীৰ্ঘদিন ধৰি বেছি দুৰ্গন্ধ ওলাই থাকে তেন্তে এয়া সংক্ৰমণ, ডিহাইড্ৰেশ্যন, যকৃত বিকল আদিৰ কাৰণ হ’ব পাৰে। অৱশ্যে কেতিয়াবা কিছুমান খাদ্যৰ বাবেও দুৰ্গন্ধ ওলায়।

জলা-পোৰাঃ যদি প্ৰস্ৰাৱ জলা-পোৰা কৰে তেন্তে এয়া ৰোগৰ লক্ষণ হ’ব পাৰে। STDs, সংক্ৰমণ বা বিভিন্ন ৰোগত এই সমস্যা হয়।

গতিকে দীৰ্ঘদিন ধৰি এইবোৰ সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।

 

অন্য খবৰ পঢ়কঃ ডিঙি ক’লা পৰা, ভৰি ফুলা… হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...