প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

Urine smell cause: প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ অহা সাধাৰণ কথা। কিন্তু কেতিয়াবা ই কিছুমান ৰোগৰ লক্ষণ হোৱা সম্ভাৱনা থাকে। প্ৰস্ৰাৱৰ ৰং, দুৰ্গন্ধ আদিয়ে শৰীৰৰ সমস্যাৰ ইংগিত দিয়ে।

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

প্ৰস্ৰাৱত বেছি ফেন উঠে নেকি?

Published: 

02 Sep 2025 | 05:41 PM

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলোৱা সাধাৰণ কথা। কিন্তু অস্বাভাৱিক দুৰ্গন্ধ কেতিয়াবা ডাঙৰ ৰোগৰ কাৰণ হ’ব পাৰে। সাধাৰণতে প্ৰস্ৰাৱৰ পৰা সামান্য গোন্ধ ওলাই বা গোন্ধহীন হয়। কিন্তু যেতিয়া বেছি দুৰ্গন্ধ ওলাই ই শৰীৰৰ কোনো সমস্যাৰ ইংগিত হ’ব পাৰে। ইয়াৰোপৰি আন কিছুমান লক্ষণে দেখা দিব পাৰে। যেনে- সঘনাই প্ৰস্ৰাৱ অহা, জলা-পোৰা, বিষ, ৰং সলনি, পেট বা কঁকালৰ অংশত বিষ, ভাগৰ, জ্বৰ, দুৰ্বলতা আদি। যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। ই ৰোগ বা সংক্ৰমণৰ ইংগিত হ’ব পাৰে।

কাৰণ

প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক দুৰ্গন্ধৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে।

  • ইয়াৰ সাধাৰণ কাৰণ হ’ল ডিহাইড্ৰেশ্যন। অৰ্থাৎ শৰীৰত যেতিয়া পানীৰ অভাৱ হয় তেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি হয় আৰু দুৰ্গন্ধ ওলাব পাৰে। ইয়াৰোপৰি প্ৰস্ৰাৱ জলা-পোৰা লাগিব পাৰে।
  • খাদ্যৰ বাবেও দুৰ্গন্ধ আহিব পাৰে। যেনে-পনীৰ, পিয়াঁজ, নহৰু আদি খালেও প্ৰস্ৰাৱৰ পৰা গোন্ধ ওলাব পাৰে।
  • ঔষধ আৰু ভিটামিন পৰিপূৰক সেৱনে প্ৰস্ৰাৱত দুৰ্গন্ধৰ সৃষ্টি কৰে।
  • কিছুমান ৰোগ বা সংক্ৰমণৰ বাবেও গোন্ধ ওলাব পাৰে।
  • যদি কেইবাদিন ধৰি দুৰ্গন্ধ আৰু আন লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

লক্ষণ

ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ এইচ অ’ ডি ডাঃ হিমাংশু বাৰ্মাই কয় যে, প্ৰস্ৰাৱৰ গোন্ধ বহু ৰোগৰ লক্ষণ হ’ব পাৰে।

  • প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI)ৰ ফলত প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। মহিলাসকলৰ এই সমস্যা বেছিকৈ হয়। এই সময়চোৱাত বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে দুৰ্গন্ধ ওলায়।
  • ডায়েবেটিছ হ’লে দুৰ্গন্ধ ওলায়। শৰীৰত গ্লুক’জৰ মাত্ৰা বেছি হ’লে প্ৰস্ৰাৱৰ গোন্ধ ওলাব পাৰে।
  • কেতিয়াবা বৃক্কৰ ৰোগ বা পাথৰ হোৱাৰ বাবে প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।
  • যকৃতৰ সমস্যা সৃষ্টি হ’লেও দুৰ্গন্ধ ওলায়।
  • দুৰ্গন্ধৰ লগতে আন লক্ষণসমূহ দেখা দিলে সমস্যা গুৰুতৰ হ’ব পাৰে। এনে ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ  কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
  • পৰিস্কাৰ হৈ থাকক।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।
  • দীৰ্ঘদিন সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

 

অন্য খবৰ পঢ়কঃ কৰ্কট ৰোগত কিয় মহিলাৰ তুলনাত পুৰুষৰ মৃত্যুৰ হাৰ বেছি? বিশেষজ্ঞই জনালে কাৰণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...