ডিঙিৰ বিষ কিয় হয়? চিকিৎসকৰ পৰা জানক কাৰণ…

প্ৰায়ভাগ মানুহে ডিঙিৰ বিষৰ সমস্যাত ভোগে। কেতিয়াবা এই বিষ হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন এনে হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। কিয়নো ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে।

ডিঙিৰ বিষ কিয় হয়? চিকিৎসকৰ পৰা জানক কাৰণ...

ডিঙিৰ বিষৰ কাৰণ

Published: 

29 Jan 2026 | 10:29 AM

বহু লোকে ডিঙিৰ বিষ হোৱা সমস্যাত ভোগে। কেতিয়াবা এই বিষ হোৱা সাধাৰণ কথা, কিন্তু সকলো সময়তে এয়া সহজভাৱে লোৱা ঠিক নহয়। কিয়নো ই কোনো ৰোগৰ লক্ষণ হ’ব পাৰে। বিভিন্ন কাৰণত ডিঙিৰ বিষ হয়। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল চৰ্দি, ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণ। ইয়াৰোপৰি এলাৰ্জি, ধূলি, ধোঁৱা, প্ৰদূষণ, বেছি গৰম-ঠাণ্ডা আদিৰ ফলতো ডিঙিৰ বিষ হ’ব পাৰে। কেতিয়াবা এচিড ৰিফ্লাক্সৰ ফলতো এনে হয়।

সাধাৰণ কাৰণত ডিঙিৰ বিষ হ’লে ৩-৭ দিনৰ ভিতৰত ঠিক হয়। কিন্তু এই বিষ স্থায়ী হৈ থাকিলে সহজভাৱে লব নালাগে। ই কোনো ৰোগৰ লক্ষণ হ’ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে মৌলানা আজাদ মেডিকেল কলেজৰ ই এন টি বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ ৰবি মেহেৰে। 

কাৰণ কি?

চিকিৎসকগৰাকীয়ে কয় যে, সকলো সময়তে ডিঙিৰ বিষ গুৰুত্বৰ ৰোগ নহয়। কেতিয়াবা সংক্ৰমণ বা সমস্যাৰ ফলতো এই ৰোগ হয়। আটাইতকৈ সাধাৰণ কাৰণ হ’ল-ভাইৰাছৰ সংক্ৰমণ যেনে চৰ্দি, ফ্লু, বা মনোনিউক্লিঅ’ছিছ। কেতিয়াবা বেক্টেৰিয়া বিশেষকৈ ষ্ট্ৰেপ টনচিলাইটিছৰ ফলত ডিঙিৰ তীব্ৰ বিষ আৰু জ্বৰ হ’ব পাৰে।

ইয়াৰোপৰি এলাৰ্জি, ধূলি, ধোঁৱা আদিৰ ফলতো ডিঙিত বিষ হয়। যদি এই বিষৰ লগতে গিলাত অসুবিধা, জ্বৰ, ডিঙি ফুলা, ডিঙিত ৰঙা দাগ আদি দেখা দিয়ে তেন্তে ই সংক্ৰমণ বা অসুস্থতাৰ লক্ষণ হ’ব পাৰে। সাধাৰণ লক্ষণবোৰ কেইটামান দিনৰ ভিতৰত ভাল হয়। দীৰ্ঘদিন এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

প্ৰতিৰোধৰ উপায়

কিছুমান সাধাৰণ উপায়ে ডিঙিৰ বিষ প্ৰতিৰোধ কৰিব পাৰি। নিজৰ হাত পৰিষ্কাৰ কৰি ৰখা দৰকাৰ আৰু ধূলি, ধোঁৱা আদিৰ পৰা দূৰত থাকিব লাগে। বেছি ঠাণ্ডা, বেছি গৰম খাদ্য খাব নালাগে। ডাঙৰকৈ কথা কব নালাগে আৰু চিঞৰাৰ পৰা বিৰত থাকিব লাগে।কুহুমীয়া  পানী খাই থাকিব লাগে, যাতে শৰীৰ হাইড্ৰেট হৈ থাকে। ইয়াৰোপৰি ফল-মূল, শাক-পাচলি আৰু প্ৰটিনযুক্ত খাদ্য খাব লাগে। যদি এলাৰ্জি বা শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে তেন্তে যত্ন লোৱা দৰকাৰ।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব?

  • ডিঙিৰ বিষ ৩ৰ পৰা ৪ দিনতকৈ অধিক সময় থাকে বা অতি গুৰুতৰ হয়।
  • বিষ বা গিলিবলৈ অসুবিধা।
  • জ্বৰ, ঠাণ্ডা বা শৰীৰৰ বিষ।
  • ডিঙি ফুলা।
  • ডিঙিত ৰঙা দাগ, আৱৰণ দেখা দিয়া।
  • বাৰে বাৰে সংক্ৰমণ।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...