নিশা কৰিব নালাগে এই ৪টা ভুল, নাহে টোপনি… জানক চিকিৎসকে কি কয়…

ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু আজিৰ ব্যস্ত সময়ত বহু মানুহে টোপনিৰ সমস্যাত ভোগা দেখা যায়। ইয়াৰ আঁৰত থাকিব পাৰে কিছুমান কাৰণ।

নিশা কৰিব নালাগে এই ৪টা ভুল, নাহে টোপনি... জানক চিকিৎসকে কি কয়...

টোপনিৰ সমস্যা

Published: 

15 May 2025 | 07:41 PM

ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। নিশা ভাল টোপনি হ’লেহে পুৱা সতেজ আৰু শক্তিশালী অনুভৱ কৰা যায়। কিন্তু আজিকালি প্ৰায়ভাগ মানুহে টোপনিৰ সমস্যাত ভোগা দেখা যায়। কিছুমান মানুহৰ যদি দেৰিকৈ টোপনি আহে, কিছুমানে আকৌ গোটেই নিশা সাৰ পাই থাকে। ইয়াৰোপৰি কিছুমানে বাৰে বাৰে টোপনিৰ পৰা সাৰ পায়। গতিকে বিভিন্ন কাৰণত আজিৰ সময়ত মানুহৰ টোপনি পূৰণ নহয়। এই সকলোবোৰ সমস্যাৰ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। ইয়াৰ ফলত দুৰ্বল অনুভৱ কৰা, চকুৰ গুড়ি কলা পৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

পিছে কি কাৰণে নিশা টোপনি নাহে? কিয় বাৰে বাৰে টোপনি ভাঙি যায়? এই বিষয়ে বিশেষজ্ঞই কি কয় এই লেখাটোত উল্লেখ কৰা হ’ল।

উল্লেখ্য যে, উন্নত খাদ্য, ব্যায়ামৰ লগতে ভাল টোপনিও স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। ভাল টোপনিয়ে আমাৰ শৰীৰৰ লগতে মনটো শান্ত কৰি ৰখাত সহায় কৰে। যদি কোনোৱে ভাল টোপনি নাযায় তেন্তে ইয়াৰ প্ৰভাৱ শৰীৰ আৰু মনত পৰে। ইয়াৰ ফলত বিভিন্ন ৰোগ হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছ, বৃক্কৰ ৰোগ আৰু মগজুৰ লগত জড়িত ৰোগ আদি। মগজুৰ লগত জড়িত ৰোগসমূহৰ ভিতৰত এলঝেইমাৰ, ডিমেনচিয়া, উদ্বেগ, হতাশা আদি গুৰুতৰ সমস্যা। যদি আপুনি এইবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ভাল টোপনিৰ প্ৰয়োজন।

টোপনি নহাৰ কাৰণ

ছফদাৰজং হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ দীপক কুমাৰ সুমনে কয় যে, নিশা টোপনি নহাৰ ৪ টা মূল কাৰণ আছে।

  • ইয়াৰ ভিতৰত প্ৰথমটো হ’ল স্ত্ৰীণ। মোবাইলৰ স্ক্ৰীণেই হওক বা লেপটপৰ স্ক্ৰীণেই হওক, দুয়োটাই টোপনি অহাত বাধা প্ৰদান কৰে। গতিকে বেছি নিশালৈ মোবাইল বা লেপটপ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
  •  শুৱাৰ আগত পানী বা কোনো তলৰ পদাৰ্থ খালে টোপনিত ব্যাঘাত জন্মিব পাৰে। কিয়নো ইয়াৰ বাবে সঘনাই প্ৰস্ৰাৱ কৰিব লাগি থাকে।
  • নিশা বেছিকৈ খাদ্য গ্ৰহণ কৰিলেও ইয়াৰ প্ৰভাৱ টোপনিত পৰিব পাৰে।
  • ইয়াৰোপৰি শৰীৰত ভিটামিন ডিৰ অভাৱ আৰু প্ৰতিদিনে শুৱাৰ সময় সলনি কৰাৰ ফলত ভাল টোপনি অহাত বাধা প্ৰদান কৰে।
  • ইয়াৰ লগতে টোপনিৰ লগত জড়িত সমস্যা যেনে অনিদ্ৰা, শ্লীপ এপনিয়া আৰু ৰেষ্টলেত লেগ চিণ্ড্ৰোম আদিৰ বাবে টোপনি নাহিব পাৰে।

ভাল টোপনিৰ বাবে কি কৰিব

যদি আপোনাৰ টোপনিৰ লগত জড়িত কোনো ৰোগ নাই তেন্তে কিছুমান কথা মনত ৰখা উচিত।

  • বিচনাত উঠাৰ এঘন্টা আগতে বাইল আৰু লেপটপ আঁতৰাই থব লাগে।
  • নিশা লঘু আহাৰ গ্ৰহণ কৰিব লাগে।
  • প্ৰতিদিনে এটা সময়ত শুবলৈ চেষ্টা কৰক আৰু এটা সময়ত পুৱা উঠাৰ অভ্যাস কৰক।
  • দৈনন্দিত জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক।
  • সন্ধিয়া ৪-৫ বজাৰ পাছত চাহ বা কফি সেৱন কৰিব নালাগে।
  • শুৱা কোঠাটো পৰিস্কাৰ কৰি ৰাখক।

 

 

অন্য খবৰ পঢ়কঃ শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকে কি কয়…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...