শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকে কি কয়…
আমাৰ শৰীৰৰ বাবে প্ৰ'টিনৰ আৱশ্যক। প্ৰ'টিনৰ অভাৱৰ ফলত শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে। যিসমূহ চিনাক্ত কৰি আমি প্ৰ'টিনৰ অভাৱ দূৰ কৰিব লাগে। ইয়াৰ বাবে উচিত খাদ্য খোৱা প্ৰয়োজন।

সুস্থ শৰীৰৰ বাবে প্ৰ’টিনৰ আৱশ্যক। প্ৰ’টিনে আমাৰ শৰীৰত বিভিন্ন কাম সম্পন্ন কৰাত সহায় কৰে । প্ৰ’টিনৰ জৰিয়তেহে শৰীৰে পেশী গঠন আৰু ঠিক কৰে। লগতে প্ৰ’টিনে ৰোগ প্ৰতিৰোধৰ বাবে এন্টিব’ডি তৈয়াৰ কৰি নতুন কোষৰ সৃষ্টি কৰে। প্ৰ’টিনৰ অভাৱৰ ফলত শৰীৰত বহু ধৰণৰ গুৰুতৰ ৰোগ হ’ব পাৰে। সাধাৰণতে খাদ্যৰ পৰাই আমি প্ৰ’টিন লাভ কৰে। ইয়াৰোপৰি যেতিয়া শৰীৰত প্ৰ’টিনৰ অভাৱ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে।
বৰ্তমান সময়ত বহু লোকৰ জীৱনশৈলী সলনি হোৱাৰ লগতে খাদ্যভাসৰো পৰিবৰ্তন হোৱা দেখা যায়। এনে পৰিস্থিতিত আমাৰ শৰীৰে প্ৰ’টিন সমৃদ্ধ খাদ্য কমকৈ লাভ কৰে। ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত পৰা দেখা যায়। যাৰ বাবে বহু গুৰুতৰ ৰোগৰ সষ্টি হয়। প্ৰ’টিনৰ অভাৱৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু যিকোনো ধৰণৰ সংক্ৰমণে আমাক সহজেই আগুৰি ধৰিব পাৰে। যাৰ বাবে শৰীৰত প্ৰ’টিনৰ অভাৱ হ’বলৈ দিব নালাগে।
শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি হয়
জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটীয়ে কয় যে বহু মানুহৰ খাদ্যত কাৰ্ব আৰু ফেট অধিক থাকে আৰু প্ৰ’টিন কম থাকে। কিন্তু শৰীৰৰ বাবে প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী ব্যক্তিয়ে ওজনৰ ওপৰত ভিত্তি কৰি প্ৰ’টিন গ্ৰহণ কৰিব লাগে। কিন্তু বহুলোকে এই কথাটোত গুৰুত্ব নিদিয়ে আৰু ইয়াৰ ফলত শৰীৰত প্ৰ’টিনৰ অভাৱ হ’বলৈ ধৰে। যোৱা কেইবছৰমানৰ পৰা বহু লোকৰ মাজত এই সমস্যা দেখা গৈছে। এতিয়া মানুহে কম বয়সতো শৰীৰত প্ৰ’টিনৰ অভাৱৰ সন্মুখীন হয়। এনে পৰিস্থিতিত সময়মতে প্ৰ’টিনৰ অভাৱৰ বিষয়ে জনা আৱশ্যক। শৰীৰত যেতিয়া প্ৰ’টিনৰ অভাৱ হয় তেতিয়া বিশেষ কিছুমান লক্ষণে দেখা দিয়ে।
লক্ষণ
ডাঃ সমীৰে কয় যে, শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে ক্লান্তি, চুলি সৰা, ছাল শুকান, নখ দুৰ্বল, সঘনাই অসুস্থ হোৱা আদি লক্ষণ দেখা দিব পাৰে। ইয়াৰ লগতে শৰীৰৰ কোনো ঠাইত ফুলা, ওজন কমি যোৱা,পেশীৰ দুৰ্বলতা আদি লক্ষণেও দেখা দিব পাৰে। প্ৰ’টিনৰ অভাৱ হ’লে ব্যক্তিৰ ৰোগ নিৰাময় হোৱাৰ সময় লাগে আৰু ঘাঁ ভাল হোৱাতো পলম হয়। অৱশ্যে খাদ্যৰ পৰিবৰ্তন কৰি প্ৰ’টিনৰ অভাৱ দূৰ কৰিব পাৰি।
ওপৰত উল্লেখ কৰা লক্ষণসমূহ যদি আপুনি অনুভৱ কৰিছে তেন্তে খাদ্য সলনি কৰা দৰকাৰ। খাদ্যত প্ৰ’টিনৰ পৰিমাণ বৃদ্ধি কৰা প্ৰয়োজন। খাদ্যত মাংস, মাছ, কণী, দালি, বাদাম আদি অন্তৰ্ভুক্ত কৰিব লাগে। লগতে ব্যায়ামো কৰিব লাগে। নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ পানী, জুচ আদি খাব লাগে। যদি আপুনি অতি দুৰ্বল অনুভৱ কৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। শৰীৰত কি কি সমস্যা আছে বা কি প্ৰ’টিনৰ কমি আছে সেয়া চিকিৎসকে জনাত সহায় কৰিব।
অন্য খবৰ পঢ়কঃ Hair loss: গৰমৰ দিনত অধিক চুলি সৰে নেকি? তেন্তে ই কি বেমাৰৰ লক্ষণ হ’ব পাৰে, জানক…