মিঠা খোৱাৰ ফলত হ’ব পাৰে নেকি ফেটি লিভাৰ? জানক বিশেষজ্ঞই কি কয়…

আজিকালি যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ, প্ৰায়ভাগে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। ফেটি লিভাৰ হোৱাৰ কাৰণ বহু থাকে। ইয়াৰ বিষয়ে জানি মানুহ সজাগতা হোৱা ভাল।

মিঠা খোৱাৰ ফলত হব পাৰে নেকি ফেটি লিভাৰ? জানক বিশেষজ্ঞই কি কয়...

ফেটি লিভাৰ কাৰণ

Published: 

22 Aug 2025 | 06:40 AM

আজিকালি মানুহৰ যকৃতৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত চৰ্বিযুক্ত বা ফেটি লিভাৰ অন্যতম। যকৃতত সামান্য পৰিমাণে চৰ্বি থকা স্বাভাৱিক কিন্তু যেতিয়া ইয়াৰ পৰিমাণ ৫-১০ শতাংশতকৈ অধিক হয় তেতিয়া ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়। মেদবহুলতা, খাদ্য, মদ্যপান, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, ডায়েবেটিছ আদি বিভিন্ন কাৰণত ফেটি লিভাৰ হ’ব পাৰে। ফেটি লিভাৰৰ সমস্যা লাহে লাহে বৃদ্ধি হয় আৰু পাছলৈ ই যকৃতৰ ডাঙৰ ক্ষতি কৰিব পাৰে। প্ৰথম অৱস্থাত ইয়াৰ লক্ষণবোৰ বহুতে আওকান কৰে।

ফেটি লিভাৰে মানুহৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়।  প্ৰথম অৱস্থাত ভাগৰুৱা, পেটৰ সোঁফালে বিষ, দুৰ্বলতা, গধুৰতা আদি অনুভৱ কৰিব পাৰে। যেতিয়া চৰ্বি বৃদ্ধি হয় তেতিয়া যকৃতৰ কোষবোৰ প্ৰভাৱিত হ’বলৈ ধৰে। যাৰ ফলত হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ হ’ব পাৰে। ইমানেই নহয় ফেটি লিভাৰে হৃদৰোগ আৰু বৃক্কৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰোপৰি ই বিপাকীয় সমস্যাত প্ৰভাৱ পেলায়, যাৰ ফলত তেজত চুগাৰ আৰু কলেষ্টেৰলৰ ভাৰসাম্য নোহোৱা হয়। গতিকে ইয়াক সহজভাৱে ল’ব নালাগে।

মিঠা খোৱাৰ ফলত হয় নেকি

বেছিকৈ মিঠা খালে ফেটি লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কিয়নো মিঠাই, কেক, শীতল পানীয়, পেকেটত থকা জুচ আৰু চকলেট আদি মিঠা বস্তুত থকা ফ্ৰুক্ট’জ আৰু উচ্চ চেনিযুক্ত বস্তু থাকে। যি শৰীৰৰ যকৃতত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যেতিয়া মানুহে এইবোৰ অধিক সেৱন কৰে তেতিয়া যকৃতত চৰ্বি জমা হ’বলৈ ধৰে আৰু ফেটি লিভাৰৰ হয়। ৱেবএমডিৰ এক প্ৰতিবেদন অনুসৰি, গৱেষণাত পোৱা গৈছে যে চেনি অত্যধিক সেৱনে মদৰ দৰে যকৃতৰ ক্ষতি কৰিব পাৰে। মিঠাই খালে ওজন দ্ৰুতগতিত বৃদ্ধি পায়। এই মেদবহুলতা ফেটি লিভাৰৰ ডাঙৰ কাৰণ বুলি কোৱা হয়। গতিকে মিঠাই সীমিত পৰিমাণে খাব লাগে।

প্ৰতিকাৰৰ উপায়

  •  স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
  • মিঠাই আৰু প্ৰচেছড খাদ্যৰ সেৱন কম কৰক।
  • ব্যায়াম কৰক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • মদ আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক।
  • সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থাকিব।

 

অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱৰ ৰং সলনি, পেটৰ বিষ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...