থিয় হোৱাৰ পাছত হঠাতে মূৰ ঘূৰাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক সকলো…
দিনক দিনে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাইছে। কিছুমানৰ হঠাতে মূৰ ঘূৰায়। কেতিয়াবা ই সাধাৰণ হ'লেও সকলো সময়ত ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে কাৰণ।

মূৰ ঘূৰোৱা লক্ষণ
আপোনাৰো হঠাতে মূৰ ঘূৰাই নেকি? আজিকালি বহুতৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। কিছুমানৰ কেতিয়াবা মূৰ ঘূৰোৱা দেখা যায়। কাৰোবাৰ যদি থিয় হোৱাৰ লগে লগে মূৰ ঘূৰাই, কাৰোবাৰ আকৌ খোজ কাঢ়ি থকাৰ মাজতে মূৰ ঘূৰোৱা যেন অনুভৱ হয়। ডিহাইড্ৰেশ্যন, ভাগৰুৱা, নিম্ন ৰক্তচাপ, ৰক্তহীনতা, কাণৰ ভিতৰুৱা সমস্যা আদি বিভিন্ন কাৰণত এই মূৰ ঘূৰোৱাৰ সমস্যা হ’ব পাৰে।
কেতিয়াবা পৰ্যাপ্ত টোপনিৰ অভাৱ বা মানসিক চাপৰ ফলতো মূৰ ঘূৰায়। সাধাৰণতে অলপ সময় জিৰণি লোৱাৰ পাছত সকলো ঠিক হয়। কিন্তু এই সমস্যা যদি বাৰে বাৰে হৈ থাকে ই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। গতিকে ইয়াৰ আঁৰত কি কি কাৰণ থাকে সেয়া জনা দৰকাৰ।
মূৰ কিয় ঘূৰাই, ইয়াৰ আঁৰৰ কাৰণ কি এই সকলো জনা আৱশ্যক। ইয়াৰোপৰি মূৰ ঘূৰোৱাৰ লগতে দুৰ্বলতা, দৃষ্টিশক্তি ম্লান হোৱা, কাণত কিবা শব্দ উঠি থকা, বমি বমি ভাব, বমি আদি লক্ষণে দেখা দিব পাৰে। কিছুমান লোকে খোজ কঢ়াৰ মাজত ভাৰসাম্য হেৰুৱাব পাৰে বা কঁপিবলৈ আৰম্ভ কৰে।গতিকে এনে যদি হৈ থাকে তেন্তে এয়া গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি বুকুৰ বিষ, উশাহত সমস্যা আদি হ’ব পাৰে।
কিহৰ লক্ষণ
এই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স সাকেটৰ স্নায়ুবিজ্ঞান বিভাগৰ ইউনিট হেড ডাঃ দলজিৎ সিঙে। তেওঁ কৈছে যে, হঠাতে মূৰ ঘূৰোৱা বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে। কিছুমান সাধাৰণ লক্ষণ তলত উল্লেখ কৰা হ’ল-
- নিম্ন ৰক্তচাপ,
- ডিহাইড্ৰেশ্যন বা শৰীৰত পানীৰ অভাৱ,
- ৰক্তহীনতা, এই অৱস্থাত সঠিকভাৱে অক্সিজেন মগজুলৈ নাযায়,
- কাণৰ সমস্যা অৰ্থাৎ ভেৰ্টিগো,
- দুৰ্বলতা আদি।
গুৰুতৰ লক্ষণ
- ব্ৰেইন ষ্ট্ৰোক
- হৃদৰোগ
- হঠাতে চুগাৰৰ মাত্ৰা হ্ৰাস পোৱা
- পাৰ্কিনছনৰ সমস্যা বা মাল্টিপল স্ক্লেৰোচিছৰ দৰে স্নায়ুজনিত ৰোগ আদি।
গতিকে আপোনাৰ শৰীৰতো যদি এই সমস্যাসমূহে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। ইয়াৰোপৰি কেতিয়াবা ইয়াৰ আঁৰত অন্য কাৰণো থাকিব পাৰে।
প্ৰতিৰোধৰ উপায়
- সুষম খাদ্য গ্ৰহণ কৰক।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
- লাহে লাহে থিয় হব।
- কাণ বা চকুৰ কোনো সমস্যা থাকিল চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে।
- মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাওক।
অন্য খবৰ পঢ়কঃ মুখত ঘাঁ, দুৰ্গন্ধ…মুখৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো…