টোপনি সম্পূৰ্ণ নহ’লে হ’ব পাৰে ডাঙৰ সমস্যা! বয়স অনুসৰি কিমান ঘন্টা শুব লাগে, জানক…

ভাল স্বাস্থ্য আৰু মন সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। কিন্তু যেতিয়া টোপনি সম্পূৰ্ন নহয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

টোপনি সম্পূৰ্ণ নহলে হব পাৰে ডাঙৰ সমস্যা! বয়স অনুসৰি কিমান ঘন্টা শুব লাগে, জানক...

টোপনিৰ সমস্যা

Published: 

28 Oct 2025 | 06:34 AM

শৰীৰ আৰু মন ভালে ৰাখিবলৈ পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। আমি শুই থকাৰ সময়ত শৰীৰে নিজৰ মেৰামতি কৰে আৰু দিনটো আমি শক্তিশালী হৈ থাকো। পৰ্যাপ্ত টোপনিৰ ফলত শৰীৰত হৰম’নৰ ভাৰসাম্য ঠিক থাকে, মুড ভালে থাকে আৰু মনোযোগ বৃদ্ধি পায়। কিন্তু টোপনিৰ অভাৱ হ’লে দিনটো ভাগৰুৱা, খিঙখিঙীয়া, দুৰ্বলতা আদি হ’ব পাৰে। যদি দীৰ্ঘদিন ধৰি টোপনি নহয় তেতিয়া মগজুৰ কাৰ্যক্ষমতা হ্ৰাস পাই আৰু স্মৃতি শক্তিক প্ৰভাৱিক কৰে। প্ৰতিদিনে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন।

কি হয়

টোপনি সম্পূৰ্ণ নহ’লে মগজুত চেৰ’টনিন আৰু ড’পামিনৰ দৰে সুখৰ হৰম’নৰ মাত্ৰা হ্ৰাস পায়। যাৰ ফলত ব্যক্তিয়ে খিঙখিঙীয়া, দুখী আৰু নেতিবাচক অনুভৱ কৰি থাকে। ইয়াৰ ফলত মানুহ ক্ৰমান্বয়ে হতাশাৰ পিনে গতি কৰে। ইয়াৰোপৰি টোপনিৰ অভাৱৰ ফলত মানসিক চাপ, উদ্বেগ, মূৰৰ বিষ, ৰক্তচাপ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আদিৰ সমস্যা হ’ব পাৰে। যদি দীৰ্ঘদিন টোপনি নহয় শৰীৰ দুৰ্বল হয় আৰু মনোযোগত অনুভৱ হয়। ইয়াৰোপৰি ডায়েবেটিছ, হৃদৰোগ, মেদবহুলতা আদিৰ সমস্যা হ’ব পাৰে।

কিমান সময় টোপনিৰ প্ৰয়োজন

লেডী হাৰ্ডিং হস্পিতালৰ ডাঃ এল এইচ ঘোটেকাৰে এই সন্দৰ্ভত সবিশেষ বুজাইছে। তেওঁ কয়ে যে, বয়স অনুসৰি টোপনিৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়। প্ৰাপ্তবয়স্কসকলে দৈনিক ৭ৰ পৰা ৮ ঘণ্টা, কিশোৰ-কিশোৰীসকলে ৮ৰ পৰা ১০ ঘণ্টা, আৰু শিশুসকলে দৈনিক ৯ৰ পৰা ১১ ঘণ্টা শুব লাগে।

যদি এজন ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে টোপনি যায় তেতিয়া শৰীৰে শক্তি লাভ কৰে, মগজুৰ কাৰ্যক্ষমতা উন্নত বয় লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হয়। ইয়াৰ লগতে ই মুড ভালে ৰাখি মানসিক চাপ কম কৰাত সহায় কৰে। পৰ্যাপ্ত টোপনি যোৱা লোকসকলৰ একাগ্ৰতা, স্মৃতিশক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হয়। ইয়াৰ লগতে ভাল টোপনিয়ে হজম শক্তি, হৃদযন্ত্ৰৰ স্বাস্থ্য, ছালৰ স্বাস্থ্য আদি ভাল কৰে।

ভাল টোপনিৰ বাবে কি কৰিব

  • শুৱাৰ আগতে মোবাইল, লেপটপ আদি ব্যৱহাৰ নকৰিব।
  • নিশ কেফেইন গ্ৰহণ নকৰিব।
  • লঘু আহাৰ গ্ৰহণ নকৰিব।
  • কোঠাত সামান্য পোহৰৰ ব্যৱস্থা কৰিব।
  • শুৱা আৰু সাৰ পোৱাৰ এটা নিৰ্দিষ্ট সময় ঠিক কৰিব।
  • যোগাসন কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা ৫টা উপায়ে দিব সকাহ, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব