Morning Skin Care:পুৱাৰ সময়ত কৰক এই ৫ কাম! ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বল…

Morning Skin Care: মানুহৰ স্বাস্থ্যৰ বাবে পুৱাৰ সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি ছালৰ বাবেও এই সময়খিনি প্ৰয়োজনীয়। পুৱাৰ ভাগত কৰা কিছুমান কামে আপোনাৰ ছালখন ধুনীয়া আৰু উজ্বল কৰি তুলিব পাৰে।

Morning Skin Care:পুৱাৰ সময়ত কৰক এই ৫ কাম! ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বল...

ছালৰ যত্ন

Published: 

07 Oct 2025 | 06:35 AM

সকলোৱে বিচাৰে এখন ধুনীয়া আৰু উজ্বল ছাল। ইয়াৰ বাবে মানুহে মুখত বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে। বিভিন্ন কেমিকেলযুক্ত এই পদাৰ্থৰ ব্যৱহাৰে মানুহৰ মুখৰ কেতিয়াবা ক্ষতি কৰিবও পাৰে। গতিকে ছালৰ বাবে ঘৰুৱা উপায় অন্যতম। কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি আপুনি ছালৰ বিশেষ যত্ন ল’ব পাৰে। যদি পুৱাৰ সময়ত আপুনি কিছুমান কথা লক্ষ্য কৰে তেন্তে সুফল পাব পাৰে।

পানীঃ পুৱা উঠি আপুনি এগিলাচ কুহুমীয়া পানী খাব পাৰে। ইয়ে আপোনাৰ শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ই হজম শক্তি ভাল কৰে। লগতে ই ছালখনৰ বাবেও উপকাৰী। প্ৰতিদিনে পুৱা পানী এগিলাচ খালে ছাল উজ্বল হোৱাত সহায় কৰে। ইয়াৰোপৰি ই ওজন নিয়ন্ত্ৰণটো সহায় কৰে।

ড্ৰাই ফ্ৰুটঃ প্ৰতিদিনে পুৱা ড্ৰাই ফ্ৰুট খাব পাৰে। ইয়াৰ বাবে নিশা আপুনি ড্ৰাই ফ্ৰুট কেইটা পানীত তিয়াই  ৰাখিব আৰু পুৱা সেয়া খাব। ইয়াৰ ফলত আপুনি দেহত শক্তি পোৱাৰ লগতে ছালখনৰ বাবেও ই ভাল।

ডাৰ্ক চকলেটঃ ডাৰ্ক চকলেট স্বাস্থ্যৰ বাবে ভাল। ইয়াত থকা ফ্লেভন’ইড গুণে ছালখনক ধুনীয়া কৰি  ৰখাত সহায় কৰে। গতিকে পুৱা ডাৰ্ক চকলেটৰ এটা সৰু টুকুৰা খাব পাৰে। এয়া আপুনি কফিৰ সৈতে মিহলাইও সেৱন কৰিব পাৰে।

ব্যায়ামঃ প্ৰতিদিনে আপুনি ব্যায়াম কৰিব পাৰে। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে ব্যায়াম প্ৰয়োজনীয়। গতিকে পুৱা কিছু সময় ব্যায়াম কৰিব পাৰে। যেতিয়া শাৰীৰিক আৰু মানসিক অৱস্থাত উন্নত থাকিব তেতিয়া ছালত বয়সৰ প্ৰভাৱ নপৰে। এনে ক্ষেত্ৰত প্ৰতিদিনে ব্যায়াম কৰা প্ৰয়োজন।

খাদ্যঃ পুৱাৰ খাদ্যইও আমাৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়। পুৱাৰ সময়ত অত্যধিক তেল, মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। অত্যধিক তেল খোৱাৰ ফলত ছালত শালমইনা ওলাব পাৰে।

 

অন্য খবৰ পঢ়কঃ কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? জানক ৫ টা বিশেষ গুণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...