আপুনিও বিচাৰে নেকি উজ্বল আৰু ধুনীয়া ছাল? এনেকৈ ব্যৱহাৰ কৰক মৌ আৰু ক্ৰিম…
উজ্বল আৰু ধুনীয়া ছাল প্ৰায় সকলোৱে বিচাৰে। ইয়াৰ বাবে বহুতে বহু ধৰণৰ সামগ্ৰী মুখত ব্যৱহাৰ কৰে। কিন্তু আপুনি কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰাও ছাল ধুনীয়া কৰি ৰাখিব পাৰে।

ছালৰ যত্ন
প্ৰায় সকলোৱে বিচাৰে উজ্বল আৰু ধুনীয়া ছাল। ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণ সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু কিছুমান ঘৰুৱা উপায়েও আপোনাৰ ছালখন জ্বিলিকাই তোলাত সহায় কৰিব পাৰে। এই উপায়সমূহ অত্যন্ত ফলপ্ৰসূ আৰু ইয়াৰ ফলত কোনো পাৰ্শ্বক্ৰিয়া নহয় বুলি কোৱা হয়। অৱশ্যে এনেবোৰ কাৰণতে প্ৰায় বিভিন্নজনে ঘৰত উপলব্ধ এলোভেৰা, হালধী আদি ছালত ব্যৱহাৰ কৰে। এইবোৰৰ উপৰি মৌ আৰু ক্ৰিম বা সৰ ছালৰ বাবে অত্যন্ত উপকাৰী।
মৌত এন্টিবেক্টেৰিয়েল আৰু এন্টিচেপ্টিক গুণ থাকে। ইয়াৰ উপৰিও ই ছালত হাইড্ৰেট কৰি ৰখাত সহায় কৰে। ইয়াৰ বিপৰীতে ক্ৰিমে ছালখন মইশ্ব’ৰাইজ কৰি কোমল কৰি তোলাতো সহায় কৰে। এনে পৰিস্থিতিত ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়ে আপোনাক উজ্বল ছাল দিয়াত সহায়ক কৰিব।
বিশেষকৈ যিসকলৰ ছাল শুকান তেওঁলোকৰ বাবে ক্ৰিম বা সৰ উপকাৰী। এয়া প্ৰয়োগ কৰিলে ছালখন আৰ্দ্ৰ হৈ থাকে। ইয়াৰ লগতে টেনিং কম কৰিব পাৰি। ইয়াত থকা এন্টি-অক্সিডেণ্টে ছালখনক ছানটেন আৰু ছানবাৰ্ণৰ সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰোপৰি ই ছালখন চাফা কৰি ৰখাত সহায় কৰিব পাৰে।
মৌ আৰু ক্ৰিম
এক চামুচ মৌ আৰু এচামুচ সতেজ ক্ৰিম ভালদৰে মিহলাই লওত। পাছত ১৫-২০ মিনিট মুখত লগাই ৰাখি মুখখন ভালদৰে ধুই দিয়ক। চকুৰ চাৰিওফালৰ অংশৰ বাহিৰে গোটেই মুখখন আৰু ডিঙিটো হাতেৰে মালিচ কৰি এই মিশ্ৰণ লগাব।
ক্ৰিম আৰু হালধী
ক্ৰিম আৰু হালধী দুয়োটা ছালৰ বাবে উপকাৰী। এই ফেচ পেক লগালে ভাল ফলাফল পোৱা যায়। এইটো বনাবলৈ ২ চামুচ ক্ৰিম, ১ চামুচ মৌ আৰু ১ চামুচ হালধীৰ গুড়ি মিহলাই লব। পাছত ১০ মিনিটমান সময় মুখত লগাই কুহুমীয়া পানীৰে ধুই দিব। শুকান ছালৰ বাবে এই মিশ্ৰণ ভাল।
ক্ৰিম, হালধী, এলোভেৰা
২ চামুচ ক্ৰীম, ১ চামুচ মৌ আৰু ১ চামুচ এলোভেৰা জেল মিহলাই এটা পেষ্ট বনাওক। ১৫ৰ পৰা ২০ মিনিট মুখত ৰাখি তাৰ পিছত মুখখন ধুব। এই ফেচ পেকে ছালখন মইশ্ব’ৰাইজ কৰাত সহায় কৰিব।
অন্য খবৰ পঢ়কঃ খাদ্য খোৱাৰ পাছত ভুলতো নকৰিব এই ৫ টা কাম, হ’ব পাৰে বিপদ! জানক সকলো…