আপোনাৰ খাদ্য তালিকাত ৰাখক এইকেইবিধ শাক-পাচলি, দূৰ হ’ব ডায়েবেটিছৰ শংকা

কিছুমান শাক-পাচলি আৰু খাদ্যই তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত আমাৰ দেহৰ বাবে উপযোগী তেনে কেইবিধ মান শাক-পাচলিৰ বিষয়ে জানো আহক।

আপোনাৰ খাদ্য তালিকাত ৰাখক এইকেইবিধ শাক-পাচলি, দূৰ হ’ব ডায়েবেটিছৰ শংকা

শাক-পাচলিৰে কৰক ডায়েবেটিছ নিয়ন্ত্ৰণ

Updated On: 

19 Aug 2025 07:22 AM

বৰ্তমান সময়ত ডায়েবেটিছৰ সমস্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে। বয়োজ্যেষ্ঠ লোকসকলৰ সমান্তৰালকৈ যুৱক-যুৱতীৰ মাজতো বাঢ়িছে ডায়েবেটিছৰ প্ৰকোপ। তেজত চেনিৰ মাত্ৰা বৃদ্ধি পোৱাটো স্বাস্থ্যৰ বাবে এক বিপদজনক সমস্যা হৈ পৰে। চিকিৎসা বিজ্ঞানত এই সমস্যাকে ডায়েবেটিছ বুলি কোৱা হয়। সাধাৰণতে যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণে ইনচুলিন উৎপাদন কৰিব নোৱাৰে, তেতিয়া এই সমস্যাৰ সৃষ্টি হয়। ডায়েবেটিছৰ প্ৰকোপত এগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা দুৰ্বিষহ হৈ পৰিব পাৰে।

দেহত ডায়েবেটিছ ধৰা পৰিলে প্ৰথমে আমি খাদ্যাভ্যাসৰ পৰিবৰ্তন কৰিব লাগিব। এই সমস্যাই যাতে অধিক ভয়াৱহ ৰূপ নলয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো প্ৰিয় খাদ্যও এৰাই চলিব লগীয়াও হ’ব পাৰে। ডায়েবেটিছ সাধাৰণতে এক দীৰ্ঘস্থায়ী সমস্যা। তথাপি নিয়মীয়াকৈ ঔষধ সেৱন, স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু সু-শৃংখলিত জীৱনশৈলীৰে এই সমস্যা নিয়ন্ত্ৰণ কৰি সুস্থ হৈ থাকিব পৰা যায়।

কিছুমান শাক-পাচলি আৰু খাদ্যই তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত আমাৰ দেহৰ বাবে উপযোগী তেনে কেইবিধ মান শাক-পাচলিৰ বিষয়ে জানো আহক-

পালেং শাকঃ কম পৰিমাণৰ কেলৰি আৰু কাৰ্বহাইড্ৰেটযুক্ত পালেং শাকত ফাইবাৰ, মেগনেছিয়াম আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে পোৱা যায় , ই তেজত চেনী নিয়ন্ত্ৰণত অৰিহণা যোগায়। লগতে ইয়াত থকা আলফা-লিপ’ইক এচিডে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে।

ভেন্দিঃ দ্ৰৱণীয় ফাইবাৰেৰে পৰিপূৰ্ণ ভেন্দি। ইয়াত থকা ফাইবাৰে চেনিৰ হজম আৰু শোষণ লেহেমীয়া কৰে। লগতে ভেন্দিত থকা মাইৰিচেটিন নামৰ পদাৰ্থবিধে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

তিতা কেৰেলাঃ তিতা কেৰেলাত পলিপেপটাইড-পি আৰু চেৰেণ্টিন থাকে, যি ইনচুলিনৰ দৰে কাম কৰে আৰু তেজৰ চেনি হ্ৰাস কৰে। বহুদিন ধৰি মধুমেহ ৰোগত ভুগি থকা লোকে তিতা কেৰেলা খাব পাৰে।

ব্ৰকলিঃ ইয়াত ছালফ’ৰাফেন নামৰ এবিধ যৌগ থাকে, যি প্ৰদাহ কমায় আৰু চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ব্ৰকলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। ইয়াৰ ফলত গ্লুক’জ শোষণ ধীৰগতিত হয় আৰু হঠাতে তেজত চেনি বৃদ্ধি নকৰে। সেয়ে ব্ৰকলিক ডায়েবেটিচ ফ্ৰেণ্ডলী চুপাৰ ফুড বুলিও কোৱা হয়।

মিঠা আলুঃ সাধাৰণ আলুতকৈ মিঠা আলুত গ্লাইচেমিক সূচকাংক যথেষ্ট কম। মিঠা আলু ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। ইয়াত থকা চেনি অতি লেহেমীয়া গতিৰে নিৰ্গত হয়, গতিকে হঠাতে তেজত গ্লুক’জ বৃদ্ধিৰ আশংকা কম হয়।

সঠিক খাদ্যৰ বাছনি, নিয়মীয়া ব্যায়াম আৰু স্বাস্থ্যসন্মত জীৱন পদ্ধতি অৱলম্বন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি সুস্থ জীৱন যাপন কৰিব পাৰি। এইক্ষেত্ৰত ব্যক্তিজনৰ দৃঢ়তা হৈ পৰে অতি প্ৰয়োজনীয়।

এইপৰ্যন্ত এছিয়া কাপ জয় কৰিছে এইকেইজন ভাৰতীয় অধিনায়কে, তালিকাত নাম সংযোজিত হ’বনে সূৰ্যৰ?
গণেশ চতুৰ্থী কেতিয়া? জানক তাৰিখ, পূজাৰ শুভ সময় আদি সকলো...
১০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ...
ওখ গাৰুত শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, অজানিতে মাতি আনিছে বিপদ