নিশা শোৱাৰ সময়ত মুখৰ পৰা লেলাউটি ওলাই নেকি? জানক ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায়…
সকলোৰে শোৱাৰ অভ্যাস বেলেগ বেলেগ। কিছুমানৰ শোৱাৰ সময়ত মুখৰ পৰা লেলাউটি ওলায়। যিয়ে বহুতক লাজতো পেলায়। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। গতিকে ইয়াৰ আঁৰৰ কাৰণ জনা দৰকাৰ।

লেলাউটি
বহু মানুহৰে নিশা শুৱাৰ সময়ত মুখৰ পৰা লেলাউটি ওলায়। কেতিয়াবা এয়া হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘ দিন ধৰি যদি এনে সমস্যাই দেখা দি থাকে তেন্তে এয়া চিন্তাৰ কাৰণ হ’ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ। নিশা শুৱাৰ সময়ত কিয় মুখৰ পৰা লেলাউটি ওলাই, ইয়াৰ আঁৰত কাৰণ কি, ইয়াক কেনেকৈ বন্ধ কৰিব পাৰি সকলো এই লেখাটোত উল্লেখ কৰা হ’ল। হেলথ লাইনৰ তথ্য অনুসৰি, শোৱাৰ সময়ত মুখৰ পৰা লেলাউটি ওলোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। বিশেষ অভ্যাস, টোপনিৰ সমস্যা হ’ব পাৰে। ইয়াক সাধাৰণতে Drooling বুলি কয়।
কাৰণ কি?
- নাক বন্ধ, চাইনাছৰ সমস্যাঃ চৰ্দি, এলাৰ্জি, চাইনাছ আদিৰ সমস্যা থাকিলে নাক বন্ধ হয়। এনে অৱস্থাত মানুহে মুখেৰে উশাহ হয়। যাৰ বাবে লেলাউটি ওলায়।
- এচিড ৰিফ্লেকশ্যনঃ যেতিয়া পেটৰ এচিড ওচৰলৈ আহে তেতিয়া গিলাত অসুবিধা হয়। ডিঙিত কিবা লাগি থকাৰ দৰে অনুভৱ হয়। GERDৰ সমস্যা হ’লে কিছুমানৰ বেছিকৈ লেলাউটি ওলায়।
- ঔষধঃ মানসিক স্বাস্থ্যৰ ঔষধ, এলঝাইমাৰ আদি কিছুমান ৰোগৰ ঔষধ খোৱাৰ ফলতো এই সমস্যা হ’ব পাৰে।
- গিলাত অসুবিধাঃ যদি বস্তু গিলাত অসুবিধাৰ দৰে সমস্যা আছে তেন্তে লেলাউটি ওলাব পাৰে। পাৰ্কিচন, মাল্টিপল স্কেলেৰোচিছৰ দৰে ৰোগত এনে হয়।
- শ্লীপ এপনিয়াঃ যিসকল লোকৰ শুৱাৰ সময়ত নাকৰ পৰা মাত ওলাই, বাৰে বাৰে টোপনি ভাঙে তেতিয়া লেলাউটি বাহিৰ হ’ব পাৰে।
- শোৱাৰ ভংগীমাঃ শোৱাৰ ভংগীমা, বাৰে বাৰে বাগৰ সলাই থকাৰ ফলতো এনে হোৱাৰ সম্ভাৱনা থাকে।
কেনেকৈ নিয়ন্ত্ৰণ কৰিব
- ওপৰকৈ মুখ কৰি শুব।
- নাক বন্ধৰ সমস্যা থাকিলে চিকিৎসা কৰক।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
যদি আপোনাৰ এই সমস্যা দীৰ্ঘদিন ধৰি থাকে। ইয়াৰোপৰি ইয়াৰ লগতে উশাহ লোৱাত কষ্ট, গিলাত অসুবিধা, টোপনিৰ সমস্যা আদি হয় তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ নিশা শুৱাৰ পূৰ্বে পানীৰ সৈতে এটা ইলাচি খালে পুৰুষসকলৰ কি কি লাভ হয়? জানক…