January 9, 2026
TV9 ASSAM
শীতকালত গৰম ভাতৰ লগত শাক-পাচলি সোৱাদ কোনে ভাল নাপায়। স্বাস্থ্যৰ বাবে শাক-পাচলি অতি উপকাৰী।
বিশেষকৈ শৰীৰত ভিটামিন, প্ৰটিন আৰু খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰিবলৈ সতেজ শাক-পাচলি খোৱাটো অতি প্ৰয়োজনীয়।
শাক-পাচলিত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক এন্টিঅক্সিডেন্ট থাকে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
শীতকালত লাই শাক বজাৰত উপলব্ধ হয়। তদুপৰি ঘৰতে এই শাকৰ খেতি কৰিব পাৰে। এই সময়ত লাই শাক কিয় খাব লাগে জানেনে ?
লাই শাকে শৰীৰ গৰম কৰি ৰাখে। লাই শাকৰ আঞ্জাই হজম আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়াক উদ্দীপিত কৰি শৰীৰৰ ভিতৰত তাপ সৃষ্টি কৰে।
লাই শাকত কিছুমান উপাদান থাকে যিয়ে শৰীৰত জমা হোৱা কফ বাহিৰ কৰি দিব পাৰে। এই শাকবিধে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ পৰা অতিৰিক্ত শ্লেষ্মা আঁতৰোৱাত সহায় কৰে।
শীতকালত পাচন প্ৰক্ৰিয়া স্বাভাৱিকতে লেহেমীয়া হয়। লাই শাকত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ফলত হজম শক্তি বৃদ্ধি পায়। কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ এই শাক খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক