January 9, 2026
TV9 ASSAM
বহুতে ব্যায়ামৰ আগতে বা পিছত বিভিন্ন এনাৰ্জি ড্ৰিংক আৰু প্ৰটিন ড্ৰিংক সেৱন কৰে। এই পানীয় কেৱল স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, তেজৰ চুগাৰৰ মাত্ৰাও বৃদ্ধি কৰে।
গতিকে ব্যায়াম আৰম্ভ কৰাৰ আগতে কোনো ধৰণৰ পেকেটত ভৰোৱা পানীয় সেৱন কৰিব নালাগে, বৰঞ্চ ঘৰতে বনোৱা কিছুমান ডিটক্স পানীয় সেৱন কৰিব লাগে যিয়ে চৰ্বি কমোৱাত সহায় কৰিব।
গতিকে জানোঁ আহত শৰীৰ চৰ্চা বা ব্যায়াম কৰাৰ আগতে কোনবোৰ পানীয় খাব লাগে?
জালুকত থকা পাইপেৰিনে শৰীৰত চৰ্বি কোষ গঠন হোৱাত বাধা দিয়ে। ই হজম শক্তিও বৃদ্ধি কৰে। নেমুত থকা ভিটামিন চি আৰু এণ্টি অক্সিডেন্টে অতি সোনকালে চৰ্বি জ্বলাব পাৰে।
চিয়া গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে। চিয়া আৰু নেমুৰ ডিটক্স খালে পেশীৰ সক্ৰিয়তা বৃদ্ধি পাব।
প্ৰ’বায়’টিক আৰু প্ৰ’টিনৰ এই মিশ্ৰণটোৱে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। পানীয় বনাবলৈ ২ চামুচ ছাতু গুড়ি, ২ চামুচ টেঙা দৈ, ১ গিলাচ পানী, অকণমান জালুকৰ গুড়ি আৰু নিমখৰ প্ৰয়োজন।
জিম বা শৰীৰ চৰ্চাৰ আগত বা পাছত কি কি খাব লাগে খাদ্যৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে অতি ভাল। গতিকে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক