অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খালে দেহত হ’ব পাৰে এনে পাৰ্শ্বক্ৰিয়া

09 Jan 2026

TV9 ASSAM

ড্ৰাই ফ্ৰুটছ স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও অতিমাত্ৰা সেৱনে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এনে কিছু সমস্যাৰ বিষয়ে জানো আহক।

ড্ৰাই ফ্ৰুটছ

পাচনতন্ত্ৰই একেলগে অধিক ফাইবাৰ হজম কৰাত অসুবিধা পায়। সেয়ে ইয়াত থকা অধিক ফাইবাৰে গেছ, পেট ফুলা, ডায়েৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হজমৰ সমস্যা

ড্ৰাই ফ্ৰুটছত প্ৰাকৃতিক শৰ্কৰাৰ পৰিমাণ বেছি থাকে। ই চেনিৰ মাত্ৰা হঠাত বঢ়াই দিব পাৰে, এয়া ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে।

ব্লাড চুগাৰ

ড্ৰাই ফ্ৰুটছত প্ৰচুৰ পৰিমাণে কেলৰি থাকে। অতিমাত্ৰা খালে দৈনিক প্ৰয়োজনতকৈ অধিক কেলৰি শৰীৰত জমা হয়, ফলত দ্ৰুতগতিত ওজন বৃদ্ধি হ’ব পাৰে।

ওজন বৃদ্ধি

অত্যধিক প্ৰটিন আৰু চৰ্বি থকাৰ বাবে ই ছালৰ তৈল গ্ৰন্থিবোৰ সক্ৰিয় কৰে। ইয়াৰ ফলত ছালত শালমন বা ব্ৰণৰ দৰে সমস্যাই দেখা দিয়ে।

ছালৰ সমস্যা

ড্ৰাই ফ্ৰুট মিক্সত থকা বাদাম বা অন্য উপাদানে কিছুমান লোকৰ গাত খজুৱতি বা গুৰুতৰ এলাৰ্জিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এলাৰ্জি

কিছুমান ড্ৰাই ফ্ৰুটছ অতি আঠাযুক্ত হয়, যিবোৰ দাঁতত লাগি ধৰে। ইয়াৰ ফলত বেক্টেৰিয়াৰ সৃষ্টি হৈ দাঁতত কৰাল ধৰিব পাৰে।

দাঁতৰ সমস্যা

কেৱল ড্ৰাই ফ্ৰুটছৰ ওপৰত নিৰ্ভৰ কৰিলে শৰীৰত অন্য প্ৰয়োজনীয় ভিটামিন আৰু খনিজ লৱণৰ অভাৱ হ’ব পাৰে, ই শৰীৰৰ পুষ্টিৰ ভাৰসাম্যৰ ক্ষতি কৰে।

পুষ্টিৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

শীতকালত এই ৩ বিধ খাদ্যই হৃদযন্ত্ৰ কৰিব পাৰে দুৰ্বল